কাৰ্বি আংলঙৰ কয়লাৰ সাম্ৰাজ্য সম্প্ৰসাৰিত মেঘালয়লৈ : কয়লা মাফিয়াৰ ট্ৰেনজিট পইন্ট ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ 

a

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ 
কাৰ্বি পাহাৰত চলি থকা অবৈধ কয়লা খনন আৰু সৰবৰাহ অব্যাহত থকাৰ সময়ত সম্পূৰ্ণ নীৰৱ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ ৷ স্থানীয় প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ নীৰৱতাৰ ফলত কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি এটা অনা-কাৰ্বি মাফিয়া চক্ৰই কৌশলেৰে নিয়ন্ত্ৰণ কৰিছে কাৰ্বি পাহাৰৰ অবৈধ ক'লা হীৰাৰ সাম্ৰাজ্যখন ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ত কয়লাৰ বজাৰখনৰ ওপৰত চৰকাৰে লেকাম লগোৱাৰ সময়ত এতিয়া অসমৰ পৰা যোৱা কয়লাই চাহিদা পূৰণ কৰিছে মেঘালয়, শিলচৰৰ কয়লাৰ বৃহৎ বজাৰখনক ৷

কাৰ্বি আংলং জিলাৰ পৰা চলি থকা অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন সংস্থা, সংগঠনে দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু এনে দাবীক অংগুষ্ঠ প্ৰদৰ্শন কৰি মাফিয়া চক্ৰটোৱে চলাই গৈছে কয়লাৰ খনন আৰু সৰবৰাহ কাৰ্য৷ কয়লা আহৰণ কৰিবলৈ জধে-মধে বিভিন্ন পাহাৰত খননৰ লগতে পাহাৰৰ শিল ফুটাবলৈ ব্যৱহাৰ কৰিছে মাৰাত্মক ডিনামাইটৰ দৰে বিস্ফোৰক পদাৰ্থ ৷

প্ৰাপ্ত তথ্য মতে আৰু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, কাৰ্বি আংলং জিলাৰ ডিচুবাই, ডিলাই, চিলনিজান আৰু লংমিলিৰ লগতে কেইবা ঠাইত সম্প্ৰতি চোৰাং কয়লা মাফিয়া চক্ৰই কয়লাৰ খনন অব্যাহত ৰাখিছে ৷ কাৰ্বি আংলং জিলাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ কেই মিটাৰ আঁতৰতে লংমিলিত আছে কয়লাৰ বৃহৎ ঘাটি ৷ সূৰ্যাস্তৰ লগে লগে তাৰ পৰা কয়লাৰ গাড়ীসমূহ বোজাই কৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰাবাট নাইবা লংকা হৈ মেঘালয়ত প্ৰৱেশ কৰে ৷

a

সম্প্ৰতি হোজাই জিলাৰ ডবকা, দেৱস্থান, হাওৰাঘাট আৰু লংকাৰ ইছলামবস্তি অঞ্চলত আছে কয়লাৰ বৃহৎ য়াৰ্ড ৷ তাতে নিশাৰ ভাগত কয়লাবোৰ লোডিং কৰি বিভিন্ন ট্ৰেনজিট পইন্টেৰে গৈ মেঘালয় নাইবা শিলচৰত প্ৰৱেশ কৰে ৷ তাৰ আঁৰত আছে এক বৃহৎ কয়লা মাফিয়া চক্ৰ ৷ প্ৰতি নিশা কাৰ্বি আংলঙৰ পৰা কয়লা ভৰ্তি ৫০/৬০ খন ট্ৰাক পাৰ হয় ডবকা নাইবা হাওৰাঘাট, মোৰাঝাৰ, কাকী, লংকাৰ পথেৰে ৷ এক কথাত হোজাই জিলাৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথবোৰ হৈ পৰিছে কাৰ্বি পাহাৰৰ কয়লা সৰবৰাহৰ বাবে সুচল ট্ৰেনজিট পইন্ট ৷

এই চক্ৰটোৱে নিশা এটা বজাৰ পিছতহে কয়লা ভৰ্তি এই ট্ৰাকবোৰ পাৰ কৰে ৷ কয়লা ভৰ্তি ট্ৰাকবোৰ পাৰ কৰোতে এই চক্ৰটোৱে হোজাই জিলাৰ বিভিন্ন পৰ্যায়ত ধনো খৰচ কৰে ৷ আঁৰত আৰক্ষীৰ হাত থকা বুলিও অভিযোগ পোৱা গৈছে ৷ এই বিষয়বোৰ লৈ বিগত সময়ত এক উত্তপ্ত বিতৰ্ক চলি থকাৰ সময়ত নীৰৱ হোজাই জিলা আৰক্ষী প্ৰশাসন, হোজাই জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বন কাৰ্যালয়সমূহ ৷

অভিযোগ মতে, কয়লা মাফিয়াই বন বিভাগক মেনেজ কৰি নিতৌ ৰাতি এনেদৰে পাৰ কৰিছে অবৈধ কয়লাৰ গাড়ীসমূহ ৷ কয়লাৰ ব্যৱসায়ত কোন কোন জড়িত, কত যায় কয়লা ? কাৰ্বি পাহাৰৰ দ্বিতীয় পৰ্যায়ৰ কয়লাসমূহক কেনেকৈ এক নম্বৰী কৰাৰ চেষ্টা চলে, এই বিষয়ে সবিস্তাৰে প্ৰকাশ কৰা হ'ব দ্বিতীয় প্ৰতিবেদনত ৷ চৰকাৰে এই অবৈধ ক'লা হীৰাৰ বজাৰখনক নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Your Comments