নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ক অসাংবিধানিক আখ্যা দি বিধেয়কখনৰ বিৰোধিতা কৰি তথা বিধেয়কখন বাতিলৰ দাবীত আজি বঙাইগাঁও জিলা কংগ্ৰেছৰ আইন বিভাগে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আৰম্ভনীতে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে মহামানৱগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
অৱস্থান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ সমন্বয়ক ছাইদুল ইছলাম উপস্থিত থাকে ৷ সমন্বয়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো মৌলিক কাঠামো বা সংবিধানৰ যিটো আত্মা যাক ধৰ্মনিৰপেক্ষতা বুলি কোৱা হয়, সেই ধৰ্মনিৰপেক্ষতাত কুঠাৰাঘাট কৰি বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ বাবে যি বিধেয়ক উত্থাপন কৰিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো ৷ লগতে আমি চৰকাৰক সকিয়াই দিছো যাতে ভৱিষ্যতে এনেকুৱা সংবিধান বিৰোধি বিধেয়ক উত্থাপন আৰু গৃহীত নকৰে ৷
অৱস্থান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষা জয়শ্ৰী বৰুৱা আৰু অন্যান্যসকলৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোৰ্তিময় বৈশ্য আদিও উপস্থিত থাকে ৷ কাৰ্যসূচীৰ অন্তত জিলা কংগ্ৰেছৰ আইন বিভাগৰ তৰফৰ পৰা বিধেয়কখনৰ বিৰোধিতা কৰি বিধেয়কখনক সন্মতি নজনাবলৈ অনুৰোধ জনাই জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷
- Log in to post comments
- 6 views