বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ
সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে । সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাসে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ । ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত ।
আজি বিলাসীপাৰা চহৰৰ ৮নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্থিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস । উক্ত কাৰ্যসুচীত উপস্থিত থাকে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সমূহ সদস্য আৰু বিভিন্ন সমাজসেৱকসকল । বহু দিন ধৰি উক্ত বিদ্যালয়খন অসুবিধা পাই আহিছিল পানী যোগান ব্যৱস্থাৰ পৰা ।
আজি এই সমস্যা চিৰদিনৰ বাবে অন্ত পেলালে এজন সুচিকিৎসক তথা বিশিষ্ট সমাজসেৱক ডাঃ কানুলাল দাস । তেখেতে প্ৰদান কৰা উক্ত কাৰ্য্যক সচেতন মহলৰ লগতে সমূহ গাঁওবাসীয়ে প্ৰশংসা কৰিছে৷
- Log in to post comments
- 58 views