বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত
সদৌ অসম কবি সন্মিলনে গাঁৱে-ভূঞে কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ অন্তৰ্গত আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জামুগুৰি নাট্যমন্দিৰ কবিতা আৰু গীতেৰে প্ৰতিবাদমুখৰ হৈ উঠে।নগাঁও জিলা কবি সন্মিলনৰ বাৰপূজীয়া কবিতা নিকেতন, সোণাইপৰীয়া শাখা কবি সন্মিলন, জামুগুৰি শাখা কবি সন্মিলন, ধিং আঞ্চলিক কবি সন্মিলন, কামপুৰ আঞ্চলিক কবি সন্মিলন আৰু নগাঁও সদৰ কবি সন্মিলনৰ আহ্বানত অনুষ্ঠিত কাৰ্যসূচীৰ সঞ্চালনা কৰে বিশিষ্ট শিশু সাহিত্যিক তথা নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য্যই ।
অসম আন্দোলনৰ শ্বহীদৰ বেদীত স্বভাৱকবি নৰেন নাথৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ আঁত ধৰে কবি মদাৰজ্যোতিয়ে । সঞ্জীৱ সাগৰ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সাহিত্যিক পেন্সনাৰ সুশীল বৰা, জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰা, সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি দীপজ্যোতি বৰা, সূৰ্য দাস, অনিল চন্দ্ৰ নাথ, জ্যোতিপ্ৰসাদ ডেকা, নন্দেশ্বৰ নাথ, ভৰত কেওঁট, মায়ামণি দেৱী, ৰশ্মি দেৱী, কল্পিতা দেৱী, আকাশদীপ নাথৰ কবিতা,গীতেৰে মুখৰিত হৈ পৰে প্ৰতিবাদী কাৰ্যসূচী ।
- Log in to post comments
- 43 views