নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দক্ষিণ কামৰূপত বিশাল ৰাজহুৱা প্ৰতিবাদী সভা

a

দক্ষিণ কামৰূপৰ পৰা নিহাৰিকা তালুকদাৰ
জাতিধ্বংসী বিধেয়কক লৈ সমগ্র ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দক্ষিণ কামৰূপৰ বৰিহাটত বৰিহাট আঞ্চলিক সচেতন নাগৰিক সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ তীব্র বিৰোধীতাৰে ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰাংগণত বিশাল ৰাজহুৱা প্রতিবাদী সভাৰ আয়োজন কৰা হয়। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, সাংবাদিক বুদ্ধিজীৱী মনজিত মহন্তৰ লগতে বহুকেইজন জাতীয় যোদ্ধা উপস্থিত থকা অনুষ্ঠানটোত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে  জাতীয়তাবাদ কেতিয়াও ধর্ম নহয়।

ধৰ্মক লৈ উন্মাদ হোৱা দেশ সদায় বিধ্বস্ত। শান্তি, সমৃদ্ধি, ঐক্য অটুট থকাৰ স্বাৰ্থত জাতিধ্বংসী বিধেয়কখন আমি বিৰোধীতা কৰা উচিত বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে।

Your Comments