নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিলাসীপাৰাত প্ৰতিবাদী সমদল

ে

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদ আজি বিলাসীপাৰাতো প্ৰদৰ্শন কৰে বিভিন্ন দল-সংগঠনৰ দ্বাৰা প্ৰায় ২ হাজাৰতকৈ অধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী । "অসমীয়াৰ হাহাকাৰ, শুই আছে চৰকাৰ, এই চৰকাৰ নিপাত যাওক", "ভোটৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণ বন্ধ কৰক", "অসম চৰকাৰ হায় হায় কেন্দ্ৰীয় চৰকাৰ হায় হায়", " হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,  সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ'' ইত্যাদি প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে বিলাসীপাৰা পাব্লিক খেলপথাৰৰ পৰা ৰাজহ-চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ।

বিলাসীপাৰা শাখা সাহিত্য সভা পৰিচালনা সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদীসকলে ৰাজহ-চক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে দুই হাজাৰতকৈ অধিক এই প্ৰতিবাদী কাৰ্যসূচীত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সহযোগত শান্তি পূৰ্ণভাৱে অন্ত পৰে।

Your Comments