কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম গণ পৰিষদ আৰু কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদৰ কলিয়াবৰত প্ৰতিবাদ।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কলিয়াবৰত অগপৰ প্ৰতিবাদী সমদল। এই সমদলত অংগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী তথা সাংবাদিক অদীপ কুমাৰ ফুকনে অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰৰ পৰা ওলাই আহি জাতিটোৰ স্বাৰ্থত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক একত্ৰিত কৰি অসমৰ ৰাইজক লগত লৈ সংগ্ৰামখনক আগোৱাই নিয়াৰ প্ৰচেষ্টাক শলাগ লই বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে। সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত অসমৰ ৰাইজে সুৰক্ষীত নহয় বুলি বক্তব্যত কয়।
এই বিধেয়কখনৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক একত্ৰিত কৰি এই সংগ্ৰাম আগোৱাই নিব বুলি মন্তব্য কৰে। সভাত প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, শিল্পী মহেন্দ্ৰ হাজৰিকা, নাট্য শিল্পী জ্যোতিনাৰায়ণ নাথে বক্তব্য ৰাখে। সভাৰ অন্তত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। ইফালে কলিয়বৰ জিলা কৰ্মচাৰী পৰিষদে বিধেয়কখনৰ প্ৰতিবাদত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে।
জাতিটোৰ সংকটৰ মুহূৰ্তত অসমৰ কৰ্মচাৰীসকলে ৰাজপথলৈ ওলাই অহি প্ৰতিবাদ কৰা সমগ্ৰ দেশখনৰ ভিতৰত বিৰল বুলি অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই বিশিষ্ট বুদ্ধিজীৱী তথা সাংবাদিক অদীপ কুমাৰ ফুকনে। প্ৰায় তিনি শতাধিক প্ৰতিবাদী ৰাইজৰ উপস্থিত থকা প্ৰতিবাদস্থলীত স্থানীয় বিধায়ক কেশৱ মহন্ত, কলিয়াবৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্ত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰ, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঞি, কলিয়বৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্যপ্ৰসাদ ৰাজখোৱা, সম্পাদক লক্ষেশ্বৰ বৰাই বক্তব্য ৰাখে।
- Log in to post comments
- 49 views