সোণাৰিৰ পৰা ঘন বৰা
বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ক প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে ধৰ্ণা-সমদল অব্যাহত ৰাখিছে। এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি চৰাইদেউ জিলাৰ কৰ্মচাৰী পৰিষদে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷
জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত শাসনাধিষ্টিত চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিব বিচৰা কাৰ্যক একেমুখে ধিক্কাৰ প্ৰদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপি চৰকাৰখনক কটাক্ষ কৰি সমালোচনা কৰে। জুইয়ে পোৰা '৮৩ চনত আন্দোলন কৰা চৰাইদেউ জিলাৰ লংপতীয়া অঞ্চলৰ হাতীপুখুৰী গাঁৱৰ শৰীৰত গুলী লগা পৰাণ বৰুৱা আৰু ভদ্ৰ বৰাক চিনাকী দি এখনকৈ গামোচাৰে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা মৰম যাচে।
চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি কুমুদ দিহিঙীয়াৰ লগতে সম্পাদক নিৰল বৰুৱাৰ নেতৃত্বত ৰূপায়িত উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ সকলো বিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী, শ্ৰমিক তথা সকলো ৰাইজে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 25 views