জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগত শিল্পীসকলে বঙাইগাঁৱত এক 'সজাগতা সুৰ বাহিনী' উলিয়ায় ৷ এই সজাগতা সুৰ বাহিনীয়ে জিলাখনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি বিধেয়কখনৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা বাহনযোগে যাত্ৰা আৰম্ভ কৰা সজাগতা সুৰ বাহিনীয়ে চহৰৰ মাজেৰে গৈ চাপাগুৰি, ৰাখালডুবি, উত্তৰ শালমাৰা হৈ বৰপাৰা ৰাজহুৱা খেল পথাৰত উপস্থিত হৈ কাৰ্যসূচীৰ সামৰণী মাৰে ৷
সজাগতা সুৰ বাহিনীৰ শিল্পীসকলে পৰিভ্ৰমণকালত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ 'আহ আহ ওলাই আহ সজাগ জনতা' শীৰ্ষক গীতটি বজাই তথা পৰিৱেশন কৰে ৷ এই গোটেই পথচোৱাৰ বিভিন্ন স্থানত বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবে বিধেয়কখনৰ বিৰোধিতা কৰি শিল্পী সমাজৰ তৰফৰ পৰা বক্তব্য ৰখাৰ লগতে ৰাইজক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ ইপিনে সজাগতা সুৰ বাহিনী কাৰ্যসূচী গ্ৰহণ কৰা সন্দৰ্ভত বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে কয় যে আমাৰ দেশখন বৰ্তমান এক জটিল সন্ধিক্ষণত উপনীত হৈছে ৷
অসমৰ ৰাইজে নিবিচৰা সত্বেও নাগৰিকত্ব সংশোধনী বিধেয়কখন চৰকাৰে জাপি দিব বিচাৰিছে ৷ গতিকে সমূহ জনগণ সজাগ হ'বৰ হ'ল ৷ জনগণৰ বিভিন্ন বিপদৰ সময়ত ৰাইজক সজাগ কৰাত শিল্পীসকলে বিভিন্ন পন্থাৰে আগভাগ লৈ আহিছে ৷ সেয়ে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীতো জনসাধাৰণক সজাগ কৰাৰ বাবে এইদৰে ৰাজ পথলৈ ওলাই আহিছো ৷ কাৰণ আমি ৰাইজক এই কাৰণে সজাগ কৰিব খুজিছো যে চৰকাৰে আমাক যি ধৰণে নুবুজাওক কিয় আমি শিল্পী সমাজৰ লগতে ৰাজ্যবাসীয়ে অনুভৱ কৰিছে যে এই বিধেয়কখনে আমাৰ জাতি, মাটিৰ লগতে আমাৰ থলুৱা সংস্কৃতিৰ ওপৰত আঘাট হানিব ৷
গতিকে এই বিধেয়কখন কোনোপধ্যে মানি ল'ব নোৱাৰো ৷ আমি আশা ৰাখিছো যে চৰকাৰে এই বিষয়ত গভীৰভাৱে চিন্তা কৰক ৷ বিধেয়কখন গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব যদিও অসমক এই বিধেয়কখনে সাংঘাটিকধৰণে ক্ষতি কৰিব ৷ তাতোকৈ ডাঙৰ কথাটো হ'ল যে চৰকাৰে বিভিন্ন কথা কৈ আছে যদিও আমাক কিন্তু পতিয়ণ নিয়াব পৰা নাই যে এই বিধেয়কখনৰ দ্বাৰা আমাৰ কিবা উপকৃত হ'ব নে? কি উপকৃত হ'ব সেই কথা তেওঁলোকে বুজাব পৰা নাই ৷
সেয়ে আমাৰ অসমৰ ক্ষেত্ৰত যাতে এই ক্ষতিকাৰক বিধেয়কখন আমাক জাপি দিব নোৱাৰে তাৰ কাৰণে ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছো বুলি কয় ৷ লগতে বিধেয়কখন যাতে জাপি দিব নোৱাৰে তাৰ বাবে ৰাইজে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলিও আশা ব্যক্ত কৰে৷
- Log in to post comments
- 17 views