নলবাৰী কাণ্ডৰ প্ৰতিবাদ : দৰংত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আছুৰ

a

মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা  
নলবাৰীত আছু কৰ্মীৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰণৰ বিৰুদ্ধে আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ আহ্বানত ১ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, সম্পাদক পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিবাহক অৰূপ কলিতাৰ নেতৃত্বত শতাধিক আছু কৰ্মীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলিত আছু কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

আছু কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, বিজেপি হায় হায়, আৰএছএছ মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আছুৰ এই ১ ঘন্টীয়া অৱৰোধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে কেইবা শতাধিক সৰু-বৰ গাড়ী অৱৰোধ হৈ পৰে ৷

Your Comments