হাইস্কুলীয়া ছাত্রই নিৰ্মাণ কৰা উপগ্ৰহ উৎক্ষেপণ 'ইছৰো'ৰ

হাইস্কুলীয়া ছাত্রই নিৰ্মাণ কৰা উপগ্ৰহ উৎক্ষেপণ 'ইছৰো'ৰ

গভীৰ একাগ্ৰতা আৰু অধ্যয়ন থাকিলে তেনেই কম বয়সতে বিৰল বৈজ্ঞানিক কৃতিত্ব অর্জন কৰাটো সম্ভৱ। সেয়া প্ৰমাণ কৰি দেখুৱালে তামিলনাডুৰ হাইস্কুলত অধ্যয়ন কৰি থকা কেইগৰাকীমান ছাত্ৰই। এনে বয়সৰ বিদ্যাৰ্থীয়ে ভাবিব নোৱাৰা এটা কাম উপগ্ৰহ নিৰ্মাণৰ কথা ভাবিলে হাইস্কুলৰ ছাত্ৰকেইজনে। প্ৰশংসনীয় একাগ্ৰতা আৰু গভীৰ অধ্যয়নৰ সহায়ত নিৰ্মাণ সম্ভৱো কৰি তুলিলে। তামিলনাডুৰ পল্লাপট্টিৰ ৰিফাথ ছাৰুক নামৰ ১৮ বছৰীয়া ছাত্ৰ এজনৰ নেতৃত্বত ৭জনীয়া হাইস্কুলীয়া ছাত্ৰৰ দল আৰু 'স্পেচ কিড্‌জ ইণ্ডিয়া' নামৰ গোটে নিৰ্মাণ কৰি উলিয়াইছিল 'কালামছেট' নামৰ এটা কৃত্ৰিম উপগ্ৰহ।

হাইস্কুলীয়া ছাত্রই নিৰ্মাণ কৰা উপগ্ৰহ উৎক্ষেপণ 'ইছৰো'ৰ

এই উপগ্ৰহটোক বৃহস্পতিবাৰে ভাৰতৰ মহাকাশ সংস্থা 'ইছৰো'-এ মহাকাশলৈ উৎক্ষেপণ কৰে। ইছৰোৰ মতে কালামছেট বৰ্তমানলৈকে নিৰ্মিত সবাতোকৈ কম ওজনৰ কৃত্ৰিম উপগ্ৰহ। ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ সন্মানত নিৰ্মাণ কৰা উপগ্ৰহটোৰ ওজন মাত্ৰ ১.২৬ কিলোগ্ৰাম। ইমান কম ওজনেৰে কিন্তু প্ৰযুক্তিৰ দিশত শক্তিশালী উপগ্ৰহটোৰ নিৰ্মাণে ছাত্ৰ দলটোৰ প্ৰশংসনীয় দক্ষতাকে প্ৰমাণ কৰিছে। এই উপগ্ৰহটোৰ সৈতে ইছৰোৱে 'মাইক্ৰ'ছেট' নামৰ আন এটা উপগ্ৰহ উৎক্ষেপণ কৰে। এই দুয়োটা উপগ্ৰহৰ দ্বাৰা ভাৰতীয় সেনাৰ লগতে দেশৰ বিদ্যাৰ্থী সমাজ গুৰুত্বপূৰ্ণ তথ্যপ্ৰাপ্তিৰে উপকৃত হ'ব। দেশৰ শিক্ষাৰ্থী আৰু যুৱ-প্ৰজন্মৰ সন্মুখত আদৰ্শ প্ৰদৰ্শন কৰা 'কালামছেট' নির্মাণকাৰী ছাত্ৰ দলটোৰ শলাগ লৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।

Your Comments