নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত নগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত নগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এখন ৰাজহুৱা সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। অসমৰ জনগণৰ লগতে জাতীয় সংগঠনৰ আৱেগ-অনুভূতিক আওকাণ কৰি শিলচৰৰ সভাত প্ৰধান মন্ত্ৰী মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰা হ'ব বুলি মন্তব্য কৰিছিল।

প্ৰধান মন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰে। নগাঁও জিলাতো ৪ জানুৱাৰীৰ পৰা অব্যাহত আছে প্ৰতিবাদ। আজি নগাঁৱত বিভিন্ন দল-সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আন দিনৰ দৰে আজিও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ চন্দ্ৰ দাসে।

জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰা, সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন গায়ন, সম্পাদক জীতেন বৰাৰ নেতৃত্বত জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ সদস্যসকলে নৰেন্দ্ৰ মোডী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰাৰ অভিযোগ তুলি মোডী আৰু বিজেপি চৰকাৰক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আনহাতে, কাইলৈ এই সংগঠনসমূহে নগাঁৱত এই বিধেয়কখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এই সংগঠনসমূহে কাইলৈ জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থান, চৰকাৰী কাৰ্যালয় আদিত ক'লা পতাকা উত্তোলন কৰিব।

ইপিনে, আজি ঐক্য সেনা, অসমে নগাঁও চহৰৰ নগাঁও কলেজ চ'কৰ ওচৰত বিধেয়কখন সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিবাদত দুয়োগৰাকী নেতাৰ প্ৰতিকৃতি দাহ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰচেষ্টাৰ প্ৰতিবাদত কাইলৈ নগাঁৱত অনুষ্ঠিত হ'ব এক প্ৰতিবাদী সভা।

নগাঁৱৰ লেখক-শিল্পী কিৰণ শংকৰ ৰয়, অজিত বৰঠাকুৰ, অৰূপ মান্না, জীৱন নৰহ, অৰিন্দম বৰকটকী, ৰেজাউল কৰিম, দীপক বৰা, চন্দন গোস্বামী, সিদ্ধান্ত শংকৰ বেজবৰুৱা, সুজিত দাস আদিৰ উদ্যোগত কাইলৈ দিনৰ ১ বজাৰ পৰা নগাঁও ছহিদ ভৱনত অনুষ্ঠিত হ'ব এই প্ৰতিবাদী সভা। উদ্যোগক্তাসকলে নগাঁৱৰ সচেতন নাগৰিক, বিভিন্ন অসমপ্ৰেমী সংগঠনৰ সদস্যক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিৰ সন্মুখত সংকট সৃষ্টি কৰি একমাত্ৰ সমাগত লোকসভাৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবেই অসমত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে বুলি অভিযোগ তুলি সভাৰ উদ্যোগক্তাসকলে অসমৰ ৰাইজক বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনায়।

Your Comments