৭ জানুৱাৰীত বঙাইগাঁৱত আক্ৰাছুৰ ১৭সংখ্যক কেন্দ্ৰীয় ছহিদ দিৱস

৭১জানুৱাৰীত১বঙাইগাঁৱত১আক্ৰাছুৰ১১৭সংখ্যক১কেন্দ্ৰীয়১প্ৰতিষ্ঠা১দিৱস

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ১৭সংখ্যক কেন্দ্ৰীয় ছহিদ দিৱস অহা ৭ জানুৱাৰীত বঙাইগাঁৱত উদ্‌যাপিত হ'ব৷ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত তথা বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা আক্ৰাছুৰ পতাকা উত্তোলন কৰিব সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে৷

ইয়াৰ পিছতে কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰিব সভানেত্ৰী পূৰৱী সৰকাৰে আৰু চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰিব সংগঠনটোৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে৷ কোচ ৰাজবংশীৰ জাতীয় সাংস্কৃতিক পতাকা উত্তোলন কৰিব বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত ৰায়ে৷ আনহাতে, ছহিদ বেদীত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ সম্পাদিকা মালতী ৰায়ে৷

৭১জানুৱাৰীত১বঙাইগাঁৱত১আক্ৰাছুৰ১১৭সংখ্যক১কেন্দ্ৰীয়১প্ৰতিষ্ঠা১দিৱস

ছহিদ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছহিদৰ আত্মাৰ সদ্‌গতি কামনা কৰি নাম-প্ৰসংগ অনুষ্ঠিত হ'ব৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হ'ব স্মৃতিচাৰণ সভা৷ স্মৃতিচাৰণ সভাত আক্ৰাছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হৰমোহন মেধিয়ে বিশিষ্ট অতিথি, অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰ, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰূপাঞ্জলী দেৱী, কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন বিষয়ববীয়া আৰু কৰ্মীসকলে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব৷

সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব আক্ৰাছুৰ উপদেষ্টাদ্বয় হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ কুমাৰ ৰায়৷ সন্ধিয়া ছহিদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰে৷

Your Comments