নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত ৭০ সংগঠনৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত ৭০ সংগঠনৰ অৱস্থান ধৰ্মঘট

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰ, সাধাৰণ সম্পাদক দিপুমণি বৰা, কেন্দ্ৰী কাৰ্যনিৰ্বাহক কৃষ্ণ বৰুৱা, কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক নবীন বৰঠাকুৰ, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি নৃপেন চন্দ্ৰ কেওত,  প্ৰাক্তন আছু সচেতন মঞ্চৰ সভাপতি ৰবীন ভূঞা, মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুন্তি আহমেদ, কৃষক মুক্তি সংগ্ৰাম সমিতি কলিয়াবৰ মহকুমাৰ সভাপতি নেৱাজ আহমেদ, জ্যেষ্ঠ নাগৰিক সন্থাৰ ধীৰেণ হাজৰিকা, ৰবীন  বুঢ়াগোঁহাই, তৰুণ বৰগোঁহাই, শ্যাম নেৱাৰকে ধৰি প্ৰায় অৰ্ধশতাধিক লোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত ৭০ সংগঠনৰ অৱস্থান ধৰ্মঘট

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰে অসমীয়া জাতিক ভৱিষ্যত বিপন্ন কৰা  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ'ব আৰু যদি চৰকাৰখনে এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে অনাগত দিনত অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত ৭০ সংগঠনৰ অৱস্থান ধৰ্মঘট

কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, জাতীয়নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে।

Your Comments