বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক চৰমভাৱে প্ৰতাৰণা কৰাৰ লগতে কেবিনেটত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই জিলাই জিলাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
বঙাইগাঁৱতো পুৱাৰ ভাগত চহৰখনৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ মূল ৰাজপথত সংগঠনটোৰ নেতা-কৰ্মীসকলে পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, কেন্দ্ৰীয় চৰকাৰ গ' বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাক এছ টি লাগিবই, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, গৃহমন্ত্ৰী মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীত জিলা সমিতিৰ সম্পাদক দিলীপ বৰুৱা, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কে'বাগৰাকীও বিষয়ববীয়াৰ লগতে কৰ্মী উপস্থিত থাকে৷
ইপিনে এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক চৰমভাৱে প্ৰতাৰণা কপাৰ প্ৰতিবাদত শুকুৰবাৰে অসমৰ প্ৰতিখন জিলাতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷
বিবৃতিটোত নেতাদ্বয়ে লগতে কয়- "বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে বিগত নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকৰ দলীয় নিৰ্বাচনী ইস্তাহাৰত স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে বিজেপি চৰকাৰ শাসনত অহাৰ লগে লগে ছয়মাহৰ ভিতৰতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব৷ অকল ইস্তাহাৰতে নহয়, বৰং প্ৰধান মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ নিৰ্বাচনী ভাষণতো জনজাতিকৰণৰ কথা স্পষ্টভাৱে তথা উদাত্ত কণ্ঠে ঘোষণা কৰিছিল৷
কিন্তু আজি আমি দেখিবলৈ পাইছো যে এয়া আছিল এক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক নিৰ্লজ্জ কুটিল ৰাজনীতিহে৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আজি ভূমিপুত্ৰ হৈয়ো সাংবিধানিক ন্যায্য অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে৷ আমি আক্ৰাছুৱে সুদীৰ্ঘদিন ধৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি থকা সত্ত্বেও চৰকাৰে আমাক মাহীআইৰ দৃষ্টিৰে চাই আমাক নিঃশেষ কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ ৰচি আছে৷
চৰকাৰৰ এই কুটিল ৰাজনীতিক কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও সহজভাৱে নলয়৷ ইয়াৰ ফল চৰকাৰে নিশ্চয় ভুগিব লাগিব৷ আমাৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ কাৰণে আমি আক্ৰাছুৱে যিকোনো পৰ্যায়ৰ আন্দোলন কৰিবৰ বাবে সাজু আছোঁ৷ ইয়াৰ পৰিণতিত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে চৰকাৰেই দায়ী হ'ব৷" আনহাতে, বিবৃতিটোত নেতাদ্বয়ে আৰু উল্লেখ কৰামতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত কৰা প্ৰতাৰণাৰ প্ৰতিবাদত অহা ৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বাৰ ঘণ্টীয়া সৰ্বাত্মক অসম বন্ধৰ আহ্বান জনাইছে৷
এই অসম বন্ধৰ কাৰ্যসূচীলৈ জনজাতিকৰণ বিচৰা অসমৰ ছয় জনগোষ্ঠীয় সংগঠনকেইটাৰ আনকেইটা জনগোষ্ঠীয় সংগঠনেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ ছয় জনগোষ্ঠীৰ নেতৃত্বই প্ৰকাশ কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে ইয়াৰ ফল বিজেপি চৰকাৰে নিশ্চিতভাৱে ভুগিবলৈ সাজু থাকক৷
- Log in to post comments
- 15 views