বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ : প্ৰধান মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ : প্ৰধান মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি দিয়া, মধ্যাহ্ন কৰ্মচাৰীসকলক ৰাজ্যিক কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাহিলি ন্যূনতম ৫০০০ টকা মজুৰি দিয়া, ৰন্ধন কৰ্মচাৰীসকলক সামাজিক সুৰক্ষা প্ৰদান কৰা, মধ্যাহ্ন ভোজন কৰ্মচাৰীক কামৰ পৰা বিতাড়ন কৰা বন্ধ কৰা আৰু ৰন্ধন কৰ্মচাৰীৰ কাম এন জি অ' তথা অক্ষয় পাত্ৰ ফাউণ্ডেচনক দিয়াৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা আদিৰ দাবীত আজি বঙাইগাঁৱত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ : প্ৰধান মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

চি আই টি ইউৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে প্ৰথমে গান্ধী ময়দানত সমবেত হোৱাৰ পিচত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে৷ সভাত চি আই টি ইউ নেতা তথা অধিবক্তা হৰেশ্বৰ দাসে বক্তব্য ৰাখে৷ লগতে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সম্পাদিকা মতিজান নেছাই প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া দাবীসম্বলিত স্মাৰক-পত্ৰখন পঢ়ি শুনায়৷

ইয়াৰ পিচতে চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বেনাৰ আৰু বিভিন্ন দাবীসম্বলিত প্লে'-কাৰ্ড লৈ সমান কামৰ সমান মজুৰি আদায় দিয়ক, ঠিকাভিত্তিত শ্ৰমিক-কৰ্মচাৰী নিয়োগ কৰা বন্ধ কৰক, আঁচনিভুক্ত কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক, এন জি অ' গ' বেক, মধ্যাহ্ন ভোজন আঁচনি এন জি অ'ক দিয়া নচলিব আদি শ্লোগান দি গোটেই পথছোৱা মুখৰিত কৰি তোলে৷

পিচত সমদলকাৰীসকল জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কে'বাটাও দাবীসম্বলিত এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ স্মাৰক-পত্ৰখন জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই প্ৰতিবাদস্থলীত উপস্থিত হৈ গ্ৰহণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ জিলা সমিতিৰ সভানেত্ৰী আদিও উপস্থিত থাকে৷

Your Comments