জনজাতিকৰণৰ প্ৰসঙ্গত উলংগ প্ৰতিবাদৰ হুংকাৰ আক্ৰাছুৰঃ ৮ জানুৱাৰীত অসম বন্ধৰ আহ্বান !

aakrasu

অসমৰ কোচ-ৰাজবংশীসকলোৰ লগতে জনজাতিকৰণৰ দাবী জনাই অহা আন পাঁচটা জনগোষ্ঠীয়ে বহু আশাৰে কালি বাট চাইছিলো যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে কেবিনেটত কেৱল এটা জনগোষ্ঠীক সন্তুষ্ট কৰাৰ বাবেহে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ল৷ এই মন্তব্য আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ ৷

এই সন্দৰ্ভত আজি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয় যে কোচ-ৰাজবংশীসকলে জনজাতিকৰণৰ দাবীত বিগত ১৯৬৭ চনৰ পৰাই আন্দোলন কৰি আহি আহি আজিৰ এই অৱস্থাত উপনীত হৈছে ৷ কিন্তু তথাপিও প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটোক আভুৱা ভাঁৰি    আহিছে ৷ কংগ্ৰেছ, বিজেপি, অগপ সকলো ৰাজনৈতিক দলেই কেৱল প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

সেয়ে আমি সময় থাকোতে চৰকাৰক আহ্বান জনাইছো যাতে জনজাতিকৰণৰ বিধেয়কখন সংসদৰ চলিত শীতকালীন অধিৱেশনতে গৃহীত কৰি জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰে ৷ লগতে আমাৰ আন এটা অন্যতম দাবী পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটোও সংসদত উত্থাপন হ'ব লাগে ৷ অন্যথা বিজেপি চৰকাৰ তথা দলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ ভুগিব লাগিব ৷ কাৰণ কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ আগমুহুৰ্তত অৰ্থাৎ বিগত লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বঙাইগাঁৱৰ ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভাত নিজে অংশগ্ৰহণ কৰি প্ৰতিশ্ৰুতি দিছিল যে যদিহে কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হয়, তেতিয়াহ'লে তেওঁলোকে ছমাহৰ ভিতৰতে কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰিব ৷

কিন্তু আমি দেখিবলৈ পালো যে ছমাহতো দূৰৰে কথা বৰং কাৰ্যকালেই শেষ হ'বৰ হ'ল আৰু মাথো তিনিমাহ বাকী আছে ৷ এই তিনি মাহত যে বিজেপি চৰকাৰে জনজাতিকৰণ কৰিব আমি আশা দেখা নাই ৷ চৰকাৰক আহ্বান জনাইছো এতিয়াও সময় আছে যিহেতু সংসদৰ অধিৱেশন ৮ জানুৱাৰীলৈ চলিব ৷ এই ৮ জানুৱাৰীৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণ কৰিব লাগে ৷ নহ'লে কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত বিজেপিক প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হ'ব বুলিও কয় ৷

সংবাদমেলত সভাপতিগৰাকীয়ে কোচ-ৰাজবংশীসকলক বিজেপি চৰকাৰে কৰা এনে প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ লগতে কেবিনেটত জনজাতিকৰণৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ প্ৰতিবাদত কাইলৈ জিলাই জিলাই ভাৰতৰ প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি আক্ৰাছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও উল্লেখ কৰে ৷

আনহাতে ইয়াৰ পিচতো যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অহা ৮ জানুৱাৰীত ১২ ঘন্টীয়া সৰ্বাত্মক অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ ইপিনে সংবাদমেলত উপস্থিত থকা আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে অসমৰ বৰ্তমানৰ জলন্ত সমস্যাটোৱে হৈছে জনজাতিকৰণৰ সমস্যা ৷

এই সমস্যাটো সমাধানৰ কাৰণে কালি চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি নজিৰ দেখুৱাব লাগিছিল যদিও সেয়া নকৰিলে ৷ অথচ বিজেপি দলে লোকসভা নিৰ্বাচনৰ আগমুহুৰ্তত নিৰ্বাচনী প্ৰচাৰ সভা, বাতৰি কাকতত দিয়া বিজ্ঞাপন আৰু নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে ঐতিহাসিক কমতাপুৰৰ সমস্যাটোৰ ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি  দিছিল ৷ নিৰ্বাচনত অসমৰ পৰা সাতখনকৈ আসন লাভ কৰিলে যদিও কিন্তু ছমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নৰেন্দ্ৰ মোডী চৰকাৰে আজিলৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

বৰং নিৰ্বাচনৰ পূৰ্বে একো একোটা ভেল্কীবাজি আৰম্ভ কৰে ৷ বিটিচি নিৰ্বাচনৰ আগমুহুৰ্তত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে তিনি মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বিধানসভা নিৰ্বাচনৰ আগমুহুৰ্তত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অনুৰূপ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

কিন্তু সকলো ভেকো-ভাওনাত পৰিণত হ'ল ৷ এখন নাটক ৰচনা কৰি মডেলিটি সমিতি এখন গঠন কৰি দিলে সৰ্বানন্দ সোণোৱালে ৷ এতিয়া সন্মুখত লোক সভা নিৰ্বাচন ৷ সেয়ে পুনৰবাৰ শাসকীয় চৰকাৰৰ তৰফৰ পৰা এটা ভুৱা প্ৰচাৰ চলোৱা হৈছে যে চলিত সংসদৰ অধিৱেশনতে এসপ্তাহৰ ভিতৰত কেবিনেট সিদ্ধান্তৰ জৰিয়তে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ কৰা তথা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সকলো জাতি-জনগোষ্ঠীয়ে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়ে চৰকাৰে কোনো উপায় নেদেখি বৰ্তমান এনে ভুৱা প্ৰচাৰ চলাইছিল যদিও কালি সেয়া স্পষ্ট হৈ পৰিল ৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে আমি অৱশ্যে আশা কৰিছিলো এটা শুভ বাৰ্তা পাম ৷ কাৰণ যিখন সংবাদ পত্ৰত এনে বাতৰি প্ৰকাশ পাইছিল সেই সংবাদ পত্ৰৰ স্বত্বাধিকাৰী হ'ল এজন প্ৰভাৱশালী মন্ত্ৰী ৷ সেই বাবে সকলোৱে কালি বিয়লি পাঁচ বজালৈ অপেক্ষা কৰিছিলো ৷

কিন্তু কেবিনেটত কোনো সিদ্ধান্ত লোৱা নহ'ল ৷ কেৱল অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ আৰু এটা জনগোষ্ঠীৰ কেইটামান সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেয়ে এনে ভুৱা প্ৰচাৰ চলোৱা কাৰ্যক আক্ৰাছু, কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই তীব্ৰ গৰিহণা দিয়ে ৷ লগতে কয় যে জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ হ'লে নিশ্চিতভাৱে অসম চৰকাৰৰ প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি অসম জনজাতি আয়োগৰ প্ৰতিবেদন লাগিব ৷

তাৰ পিচত কেবিনেট সিদ্ধান্ত হ'ব লাগিব, সদনত বিধেয়ক উত্থাপন হ'ব লাগিব ৷ লোকসভা, ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ পিচত ৰাষ্ট্ৰপতিলৈ যাব ৷ তাৰ পিচতহে এটা জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ৷

গতিকে তেওঁলোকে যদি ইমান বিলাক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে ত্ৰিপাক্ষিক আলোচনাৰ বাবে অসম চৰকাৰে আজিলৈকে কিয় প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ তাৰোপৰি ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ অধ্যক্ষগৰাকীয়েও কিছুদিন পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰিছিল বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক বৰ্মনে কয় যে কেবিনেট সিদ্ধান্ত নোহোৱাকৈ কোনো বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰে ৷ যদি উত্থাপন কৰেও তেতিয়াহ'লে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই ৷

গতিকে এনে প্ৰতাৰণা আৰু ভেকো-ভাওনাৰ পৰা চৰকাৰ আঁতৰি থাকক বুলিও কয় ৷ সংবাদ মেলত নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে যেতিয়ালৈকে জনজাতিকৰণৰ সমস্যাটো কোনো এখন চৰকাৰ তথা ৰাজনৈতিক দলে সমাধান নকৰিব তেতিয়ালৈকে আমি তেওঁলোকক উচিত শিক্ষা দিয়াৰ বাবে সংকল্পবদ্ধ হৈছো আৰু তাৰ পৰিণতি হিচাপে আমি ইতিমধ্যে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে ঐক্যবদ্ধ হৈছো ৷

সেয়ে সংসদৰ চলিত অধিৱেশনতে যদি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বাস্তৱ সন্মত সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ভাৱিবলৈ বাধ্য হ'ম যে এইখন চৰকাৰ কোচ-ৰাজবংশী জনগোষ্ঠী বিৰোধী চৰকাৰ আৰু এইখন চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতাৰক চৰকাৰ ৷

আনহাতে পুত্তলিকা দাহ আৰু অসম বন্ধৰ কাৰ্যসূচীৰ পিচতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ লগতে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে আক্ৰাছু নেতাগৰাকীয়ে ৷ নেতাগৰাকীয়ে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু বৰ্তমানৰ যি  ৰাজ্য চৰকাৰ এই উভয় চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনত অধিষ্ঠিত হ'ল যদিও তেওঁলোকৰ যি নগ্ন স্বৰূপ দেখিবলৈ পালো তাৰ পিচত আমাক নগ্ন কৰাৰ আৰু একো বাকী নাই ৷

যাৰ কাৰণে আমি এনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সংকল্প লৈছো আৰু ৮ জানুৱাৰীৰ পিচতো যদি আমাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি উলংগ প্ৰতিবাদ কৰিম আৰু এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক জনগোষ্ঠীটোৰ প্ৰতি কৰি অহা হঠকাৰিতা তথা প্ৰতাৰণা-প্ৰৱঞ্চনাক উদঙাই দিম ৷

উল্লেখ্য যে আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে জনগোষ্ঠীটোক বৰ্তমানৰ জনজাতিসকলে যি ধৰণে জনজাতিৰ মৰ্যদা ভোগ কৰি আছে৷ সেই ধৰণৰ জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰো দাবী জনায় ৷ কোনো অন্যান্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰে ৷ অসমত দুটা শ্ৰেণীৰে জনজাতিকৰণ কৰা হয় আৰু এটা পাহাৰীয়া আৰু আনটো ভৈয়াম জনজাতি ৷ সেয়ে আমি সম্পূৰ্ণ সাংবিধানিক সুৰক্ষিতভাৱে সংৰক্ষিত হোৱা জনজাতিকৰণৰ মৰ্যদা লাগিব ৷

য'ত আমাৰ ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি শৈক্ষিক অধিকাৰকে ধৰি সকলো ধৰণৰ অধিকাৰ বৰ্তমান সময়ত যিসকল জনজাতিয়ে লাভ কৰি আহিছে সেইধৰণৰ জনজাতিকৰণৰ মৰ্যদা আমাক লাগিব ৷ আমাক কোনো ধৰণৰ অন্যান্য জনজাতিকৰণ নালাগে ৷

১৯৯৬ চনত বৰ্তমানৰ  যিসকল জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যদা লাভ কৰি আহিছে একেই ধৰণৰ জনজাতিকৰণৰ মৰ্যদা আমি লাভ কৰিছিলো৷ সেয়ে আমি দাবী কৰিছো যে ১৯৯৬ চনত আমাক যি ধৰণে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিছিল সেই একেই ভিত্তিত আমাক জনজাতিকৰণৰ মৰ্যদা লাগে৷ সংবাদমেলক আক্ৰাছুৰ কেন্দ্ৰীয় আৰু বঙাইগাঁও জিলা সমিতিৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷
 

Your Comments