নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদকৰ দৰে সন্মানীয় তথা গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত থাকি ঐতিহাসিক বটদ্ৰৱা থানখনক গেৰুৱাকৰণ কৰাৰ পিছত বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ হৈ মুকলিভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ব্ৰজেন কাকতি৷
যোৱা ৩০ নৱেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত অংশগ্ৰহণ কৰা বিজেপিৰ এখন নিৰ্বাচনী সভাত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ নিৰ্বাচনী এজেণ্ট তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে সভাখনৰ আঁতধৰি ভাষণ প্ৰসংগত কংগ্ৰেছ-অগপক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিজেপিৰ হৈ ভোট বিচৰা কাৰ্যত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷
বিভিন্ন সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশিত 'মুখ্য মন্ত্ৰীৰ সভাত বিজেপিৰ হৈ প্ৰচাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ, থান পৰিচালনা সমিতিৰ ভিতৰচ'ৰাত বিৰূপ প্ৰতিক্ৰিয়া, পদমৰ্যাদাৰ কথা পাহৰিছে ব্ৰজেন কাকতিয়ে' শীৰ্ষক বাতৰি প্ৰকাশ হোৱাৰ পিছতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ৷ একাংশ লোকে এই সন্দৰ্ভত পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ পৰা স্পষ্টীকৰণ বিচৰাৰ লগতে একাংশ দল-সংগঠন তথা পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যই সাধাৰণ সম্পাদক ব্ৰজেন কাকতিৰ কাৰ্যালয়ত তলা লগাই দিয়াৰো প্ৰস্তুতি চলাইছিল৷
অৱশেষত বটদ্ৰৱাবাসী ৰাইজৰ লগতে কাৰ্যনিৰ্বাহকত ব্যাপক তিৰস্কাৰৰ সন্মুখীন হোৱাৰ ভয়ত উপায়ন্তৰ হৈ ব্ৰজেন কাকতিয়ে মনে মনে বটদ্ৰৱালৈ আহি সভাপতি দেবানন্দ দেৱ গোস্বামীৰ হাতত 'বেক ডেট'ত সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰিছিল৷ সেইসময়তে সভাপতিয়ে কাকতিৰ পদত্যাগ-পত্ৰ গ্ৰণন কৰিছিল যদিও কাৰ্যনিৰ্বাহকত অনুমোদন লোৱাৰ নিয়ম আছিল৷
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিখনৰ সাধাৰণ সম্পাদকগৰাকীয়ে পদমৰ্যাদা লংঘন কৰি ভিতৰচ'ৰাত এনেদৰে চূড়ান্ত বেমেজালিৰ সৃষ্টি কৰাৰ পিছত আজি বটদ্ৰৱা থানত অনুষ্ঠিত হয় এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা৷ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰি পদত্যাগী ব্ৰজেন কাকতিক সাধাৰণ সম্পাদক পদৰ পৰা তৎকালে বলৱৎ হোৱাকৈ অব্যাহতি দিয়া হয়৷
ইয়াৰ পাছতেই সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয় নতুন সাধাৰণ সম্পাদক৷ বৰ্তমান সমিতিত সহকাৰী সম্পাদকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি থকা বটদ্ৰৱা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ আজীৱন সদস্য, সমাজসেৱক ইন্দ্ৰমোহন বৰুৱাক নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে আজিৰ কাৰ্যনিবাহক সভাই৷ ইয়াৰেপৰি খালী হোৱা সহকাৰী সম্পাদকৰ পদত ৰাইডঙিয়াৰ আজীৱন সদস্য লক্ষী শইকীয়াক মনোনীত কৰে কাৰ্যনিবাহক সভাই৷
বটদ্ৰৱা অঞ্চলৰ সৰবৰহী তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত সমাজসেৱক ইন্দ্ৰমোহন বৰুৱাক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব প্ৰদান কৰাত বৃহত্তৰ বটদ্ৰৱাবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গুৰুজনাৰ জন্মস্থানখনিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পদটোক নিজৰ ব্যক্তিগত তথা ৰাজনৈতিক উত্থানৰ বাবে ব্যৱহাৰ কৰি একপ্ৰকাৰ একনায়কত্ব আৰু নিকৃষ্ট লবী ৰাজনীতি আৰম্ভ কৰা ব্ৰজেন কাকতিক থানখনৰ গুৰুদায়িত্বৰ পৰা অব্যাহতি দিয়া কাৰ্যক সকলোৱে একেমুখে আদৰণি জনাইছে৷
- Log in to post comments
- 76 views