উত্তৰ-পূবত বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদানৰ মানসেৰে হেল্থ ডিএনএৰ স্বাস্থ্য শিবিৰ

ো

উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক এক বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদানৰ প্ৰয়াসেৰে আৰম্ভ কৰা হেল্থ ডিএনএ নামৰ মঞ্চখনে বিগত কিছুদিন অসমৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি সাধাৰণ জনতাক সেৱা আগবঢ়াই আহিছে ৷ ইয়াৰে এক অংশ হিচাপে অলপতে নগাঁও জিলাৰ ৰাঙলুত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷

w

দিল্লী তথা বাংগলুৰস্থিত মণিপাল হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ সৰিথা গুলাঠী আৰু নিউৰ’লজিষ্ট শশাঙ্ক উপস্থিত থাকে ৷ প্ৰায় দুই শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই শিবিৰলৈ সুদূৰ কাৰ্বি আংলং, কলিয়াবৰ আদি ঠাইৰপৰাও ৰোগী আহিছিল ৷ প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰৰ চিকিৎসকৰ সেৱা নিজৰ ঠাইতেই লাভ কৰা ৰোগীসকল উৎফুল্লিত হৈ পৰে ৷ ইতিমধ্যে হেল্থ ডিএনএৰ এটা সেৱা কেন্দ্ৰ ৰাঙলুত আৰম্ভ কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

আনহাতে আগন্তুক নৱবৰ্ষ আৰু বৰদিনৰ উপহাৰে হিচাপে হেল্থ ডিএনএ এটা এপ গুগল ষ্ট'ৰত উপলব্ধ কৰিছে ৷ বিনামুলীয়াকৈ ডাউনল'ড্ কৰিব পৰা এই এপটোৰ জৰিয়তে জনসাধাৰণে স্বাস্থ্যজনিত যিকোনো সমস্যাৰ সমাধান পাব ৷ তদুপৰি মনৰ যিকোনো সন্দেহ আঁতৰ কৰিবলৈ বিশ্বৰ যিকোনো প্ৰান্তৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ সুবিধা লাভ কৰাৰ উপৰিও চিকিৎসালয় বুকিং, টেষ্ট বুকিং আদি আগতীয়াকৈ কৰাৰ সুবিধা লাভ কৰিব ৷

Your Comments