লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আজি টাই-আহোম ছাত্র সন্থাৰ ৰোষত পৰিল তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মা । নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত ১০ লাখ টকীয়া এক আৰ্থফিলিং আৰু প্লেনটেচন আঁচনি ৰূপায়ণৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই পৰিস্থিতিৰ সন্মুখীন হয় সাংসদগৰাকী ।
উল্লেখ্য যে সদৌ টাই-আহোম ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ এটা দলে বিগত সময়ছোৱাত নাৰায়ণপুৰৰ বিভিন্ন স্থানত সাংসদ পূঁজিৰ ব্যৱহাৰত সংঘটিত হোৱা অবাধ দুৰ্নীতিৰ খতিয়ান বিছাৰি সাংসদ আৰ পি শৰ্মাক পথৰ ওপৰতে আগছি ধৰাৰ লগতে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে ছাত্র সংগঠনটোৰ কৰ্মীসকলে ।
পৰৱৰ্তী সময়ত আৰক্ষী আৰু বিজেপিৰ একাংশ কৰ্মীয়ে গুণ্ডাগিৰীৰে গতিয়াই পথৰ পৰা আঁতৰাই দিয়ে ছাত্র সংগঠনটোৰ প্ৰতিবাদী কৰ্মীসকলক । উল্লেখ্য যে, বিহপুৰীয়া সমষ্টিৰ সাংসদ প্ৰতিনিধি দেৱজিৎ বৰুৱাই একাংশ সাংগো-পাংগসহ সাংসদগৰাকীৰ নাম লৈ বিগত সময়ছোৱাত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ লগতে বিভিন্ন পঞ্চায়ত কাৰ্যালয়ত গৈ দাদাগিৰী কৰি অহাৰ কথাও সজোৰে সাংসদগৰাকীৰ সন্মুখত উত্থাপন কৰে ছাত্র সংগঠনটোৰ কৰ্মীসকলে ।
ফলত এই কাৰ্যত ক্ষুদ্ধ হৈ পৰে সাংসদ প্ৰতিনিধিগৰাকীৰ লগতে বিজেপিৰ একাংশ নেতা-কৰ্মী । আনহাতে, বিজেপি গুণ্ডাবাহিনীৰ এই কাৰ্যক ক্ষূৰধাৰ সমালোচনা কৰে টাই আহোম ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতি সম্পাদক গৌৰৱ বড়া আৰু সহকাৰী সম্পাদক চৌখাম চাৰিঙ্গীয়া লগতে বিষয়ববীয়াসকলে ৷
- Log in to post comments
- 74 views