বগীবিল দলং মুকলি হোৱাৰ প্ৰাক মুহূৰ্তত আজি সদৌ ধেমাজি জিলা ছাত্র সন্থাই কেন্দ্ৰীয় ৰেল মন্ত্রী ডাঙৰীয়ালৈ কেইবাটাও দাবী সম্বলিত এখনি স্মাৰক-পত্র প্ৰদান কৰে৷ উক্ত স্মাৰক-পত্ৰখনত সংগঠনটোৱে উল্লেখ কৰে যে, অসম চুক্তি অনুযায়ী নিৰ্মাণ সম্পূৰ্ণ হোৱা বগীবিল দলঙৰ দুয়ো কাষে এখন 'ছহিদ উদ্যান' স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়৷
দ্বিতীয়তে, ডিব্ৰুগড়ৰ পৰা ধেমাজি হৈ নতুন দিল্লীলৈকে এখন ৰাজধানী এক্সপ্ৰেছ চলোৱা তৃতীয়তে, ধেমাজি জিলাৰ পৰা দক্ষিণ ভাৰতৰ চেন্নাইলৈকে সপ্তাহত এবাৰকৈ হ'লেও এখন ছুপাৰ ফাষ্ট ৰে'লৰ ব্যৱস্থা কৰা ৷ আৰু শেষত, ধেমাজি জিলাৰ গুৰুত্বপূৰ্ণ দুই ষ্টেচন ধেমাজি আৰু ছিলাপথাৰ ৰে'ল ষ্টেচনক অত্যাধুনিক ষ্টেচন ৰূপে গঢ়ি তুলি ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ ৰে'ল ষ্টেচনৰ মৰ্যদা প্ৰদান কৰিবলৈও স্মাৰক-পত্ৰখনত দাবী উত্থাপন কৰা হয় বুলি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে নিউজ এএছএনক অৱগত কৰে৷
- Log in to post comments
- 263 views