নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে নাৰায়ণপুৰৰ এগৰাকী সমাজ সচেতন যুৱকে মাৰাথন দৌৰেৰে সজাগতাৰ চেষ্টা চলালে । নাৰায়ণপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হেমন্ত শইকীয়াই আজি বিয়লি নাৰায়ণপুৰ পৰা বিহপুৰীয়া অভিমুখে প্ৰায় ১২ কিলোমিটাৰ মাৰাথন দৌৰি নতুন প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।
কে'বাগৰাকীও সচেতন লোকৰ আহ্বানমৰ্মে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত আয়োজন কৰা এখন পথ সজাগতা সভাৰ অন্তত নাৰায়ণপুৰ নাগৰিক মঞ্চৰ সভাপতি জীৱন ভূঞাই ফ্লেগ-অফ কৰি মাৰাথন দৌৰৰ শুভাৰম্ভ কৰে ।
নাৰী সুৰক্ষা সমিতি, নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতি, শিশু আইমাতৃ কল্যাণ সমিতি, নাৰায়ণপুৰ আৰক্ষী থানাৰ নাৰী কোষকে ধৰি স্থানীয় কেইবাটাও সংগঠনে সহযোগিতা আগবঢ়োৱা সজাগতা সভাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডা: অতুল চন্দ্ৰ খাউণ্ড, অবসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডা: সোণধৰ কোঁৱৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা ভবেন ফুকন,
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰীশ ভূঞা, খগেন্দ্ৰ নাথ বৰা, বিষয় শিক্ষক চন্দ্ৰ হাজৰিকা, খেৰাজখাট কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা যজ্ঞোৰাম বৰাই বক্তব্য প্ৰদান কৰে ।
ৰমেন শইকীয়াই আঁতধৰা পথ সজাগতা সভাখনত সমল ব্যক্তিসকলে সাম্প্ৰতিক সময়ত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত উঠি অহা যুৱপ্ৰজন্মক কেনেদৰে তিলতিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিছে আৰু ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত বিশদ আলোচনা আগবঢ়ায় ।
লগতে নতুন পুৰুষৰ বোধগম্য হোৱাকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়তে নিচাযুক্ত দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে পাঠ্যক্ৰমৰ বাবে চৰকাৰলৈ এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাই প্ৰাক্তন অধ্যক্ষ গিৰীশ ভূঞাই ৷
ইয়াৰ পিছতে হেমন্ত শইকীয়াই নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰোধিতা কৰি বিভিন্ন শ্লোগানেৰে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াৰ তিনিআলিৰ পৰা বিহপুৰীয়া অভিমুখে প্ৰায় ১২ কিলোমিটাৰ পথ এককভাবে মাৰাথন দৌৰ যাত্ৰা আৰম্ভ কৰে । প্ৰায় ১ ঘণ্টা দৌৰাৰ অন্তত বিহপুৰীয়া নগৰৰ যোগবৰুৱা স্মৃতি ভৱনৰ সমুখত উপস্থিত হৈ আন এখন পথসভা অনুষ্ঠিত কৰি যাত্ৰাৰ সামৰণি পেলায় ।
উল্লেখ্য যে সমাজ সচেতন যুৱক তথা বিষয় শিক্ষক হেমন্ত শইকীয়াই বিগত ২০১৪ বৰ্ষৰ পৰা নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক সজাগ কৰাৰ উদ্দেশ্যে নিজাববীয়াকৈ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে । হেমন্ত শইকীয়াৰ এই প্ৰচেষ্টাক নাৰায়ণপুৰবাসী ৰাইজে শলাগ লৈছে ৷
- Log in to post comments
- 125 views