সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷
জিলা সমিতিৰ সভাপতি মনদ্বীপ নেওগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তাত কয় যে সুকণ্ঠী গায়িকাগৰাকীৰ মৃত্যুত অসম আৰু অসমীয়াই এক অমূল্য সম্পদ হেৰুৱালে ৷
তেওঁ অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ'ব আৰু অসমীয়াৰ হিয়াৰ মাজত তেওঁ সদায় জাগ্ৰত হৈ থাকিব ৷
লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷
- Log in to post comments
- 4 views