বঙাইগাঁৱত ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

a

ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছৰ মিথ্যাচাৰৰ প্ৰতিবাদত আজি বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিয়ে বঙাইগাঁৱত এক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিজেপি দলৰ বৰপাৰাস্থিত জিলা কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দলীয় কৰ্মীসকলে কংগ্ৰেছ পাৰ্টি মুৰ্দাবাদ, কংগ্ৰেছ হুচিয়াৰ, ৰাহুল গান্ধী মুৰ্দাবাদ, ছোনিয়া গান্ধী মুৰ্দাবাদ, মূল্যবোধৰ ৰাজনীতিৰ জ্ঞান নথকা কংগ্ৰেছ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি চহৰৰ মাজেৰে সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কাৰ্যসূচীৰ অন্তত জিলা বিজেপিৰ তৰফৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ৷ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক-পত্ৰত বিজেপি দলে ৰাফেল চুক্তি সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিষয়টো উল্লেখ কৰি কংগ্ৰেছ দলে ৰাফেল চুক্তিক লৈ মিথ্যাচাৰৰ আশ্ৰয় লৈ দেশৰ জনগণক বিপথে পৰিচালিত কৰিব বিচৰা বুলি উল্লেখ কৰে ৷

a

স্মাৰক-পত্ৰখন জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত কান্তা দাসে গ্ৰহণ কৰে ৷ ইপিনে জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত কয় যে যোৱা এটা বছৰ ধৰি কংগ্ৰেছ দলে মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাফেল চুক্তি সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে গোটেই দেশজুৰি যি অপপ্ৰচাৰ আৰু মিথ্যাচাৰ প্ৰচাৰ কৰিলে তাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ কাৰণ কংগ্ৰেছৰ এই অপপ্ৰচাৰ আৰু মিথ্যাচাৰৰ বাবে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে ৷

যাৰ বাবে বিজেপি দলে আজি সমগ্ৰ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বঙাইগাঁও জিলা সমিতিয়েও কংগ্ৰেছ দলৰ এনে মিথ্যাচাৰৰ প্ৰতিবাদ জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ জিলা সভাপতিগৰাকীয়ে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীক ৰাফেল চুক্তিক লৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে তীব্ৰ নিন্দা কৰাৰ লগতে এনে মিথ্যাচাৰৰ পৰা সভাপতিগৰাকীয়ে আঁতৰি আহি দেশৰ উন্নয়ণ আৰু প্ৰগতিৰ ক্ষেত্ৰত সহযোগ কৰা উচিত বুলি কয় ৷

প্ৰতিবাদী সমদল কাৰ্যসূচীত জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্জ্বল কান্তি ৰায়ৰ লগতে জিলা সমিতিৰ আন বিষয়ববীয়া আৰু দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

Your Comments