মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশনত অতিথি আৰু ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ তৎপৰ হৈ পৰিছে মৰিগাঁও জিলা প্ৰশাসন আৰু সংঘৰ কৰ্মকৰ্তাসকল । অধিবেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্রত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰবাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে মৰিগাঁও জিলা প্ৰশাসনে ।
এই সন্দৰ্ভত সোমবাৰে আবেলি মৰিগাঁও জিলা প্ৰশাসন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণী সমিতিৰ কৰ্মকৰ্তাসকলৰ লগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জিলা উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগা অধিবেশনখনি আয়োজন কৰাৰ ক্ষেত্রত বিতংভাৱে পৰ্যালোচনা কৰা হয় ।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিবলগা অধিবেশনখনিত ভি আই পি আৰু ভি ভি আই পিসকলৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে তিনিখনকৈ হেলিপেড নিৰ্মাণৰ উপৰি ২৫-৩০ লাখ ভকত সমাগম হ'বলগা অধিবেশনখনিত থকা-খোৱা ব্যৱস্থাৰ বাবে স্কুল, কলেজ, নামঘৰ, সত্ৰ, ৰাজহুৱা অনুষ্ঠানৰ লগতে ৫০০জনকৈ লোক থাকিব পৰাকৈ অধিবেশনস্থলীত অস্থায়ী গৃহ নিৰ্মাণৰ ক্ষেত্রত ক্ষিপ্ৰগতিত কাম সম্পৰ্ণ কৰি তুলিবলৈ নিৰ্দেশনা জাৰি কৰিছে সংশ্লিষ্ট বিভাগসমূহক ।
এই বিষয়ে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত পৰ্যালোচনা কৰি উপায়ুক্ত ঋতুৰাজ বৰাই অসমৰ বিভিন্ন জিলাৰ পৰা আহিবলগা ভকতসকলৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰা আহিবলগা অতিথিসকলৰ বাবে পথ যোগাযোগ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উপায়ুক্তগৰাকীয়ে গড়কাপ্তানী বিভাগক এই ক্ষেত্ৰত অধিক মনোনিবেশ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ।
তদুপৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ, অগ্নি নিৰ্বাপন, বিদ্যুৎ, গ্ৰাম্য উন্নয়ন অভিকৰণকে আদি কৰি সকলো বিভাগৰ মুৰব্বী বিষয়াসকলক নিষ্ঠা আৰু আন্তৰিকতাৰে নিজ নিজ কৰ্তব্য পালন কৰি জিলাখনত অনুষ্ঠিত হ'বলগা অধিবেশনখনি সাফল্যমণ্ডিত কৰিবলৈ সকলোকে আহ্বান জনায় ।
ইফালে বিভাগীয় মুৰব্বী বিষয়াসকলক সকলো কাম-কাজ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশনা দিয়ে উপায়ুক্ত বৰাই । সভাত অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা উন্নয়ন আয়ুক্ত দীপা দাস, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে আদি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 76 views