গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
বৰ্তমান অসমৰ বহু যুৱকে যে নিষিদ্ধঘোষিত আলফা (স্বাধীন)ত যোগদান কৰি আছে সেই কথা পুনৰবাৰ প্ৰমাণিত হৈছে ৷ সোমবাৰে নিশা গোলাঘাট ৰঙাজানত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলোৱা অভিযানত সংগঠনটোত যোগদানৰ বাবে নাগালেণ্ডৰ মন জিলালৈ যোৱা অৱস্থাত এখন নৈশ বাছৰ পৰা দুজন কম বয়সীয়া যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ এই যুৱক দুজনৰ নাম নৱ সন্দিকৈ আৰু ৰুবুল বণিয়া ৷ ইয়াৰে নৱ সন্দিকৈ বিজ্ঞান শাখাৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ হোৱাৰ লগতে ৰুবুল বণিয়া দশম শ্ৰেণীত অধ্যয়নৰত ।
যোগাযোগকাৰীৰ সহায়ত আলফাত যোগদান কৰিবলৈ দেওবাৰে ঘৰৰ পৰা ওলাই আহি ডিমাপুৰত এৰাতি কটাই সোমবাৰে নৈশ বাছেৰে মন জিলালৈ যাবলৈ আহিছিল ধৃত যুৱকদ্বয় ৷
উল্লেখ্য যে বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিত চৰকাৰৰ প্ৰতি বিটুষ্ট হোৱাৰ লগতে দুখীয়া শ্ৰেণীৰ জীৱন নিৰ্বাহ কষ্টকৰ হোৱাৰ বাবে অধ্যয়ন আধৰুৱা কৰি একমাত্ৰ মাতৃভূমিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে সংগঠনটোত যোগদানৰ বাবে যাবলৈ অহা বুলি দুয়োৱে স্বীকাৰ কৰে ।
জানিব পৰামতে, মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ নৱ সন্দিকৈ যথেষ্ট মেধাৱী ছাত্ৰ আছিল আৰু ৰুবুল বণিকে দশম শ্ৰেণীতেই শিক্ষা সমাপ্ত কৰে ৷ গোলাঘাট আৰক্ষীয়ে এক সংবাদমেলযোগে এই কথা জনায় ৷
আনহাতে, ইয়াৰ পূৰ্বে আলফাত যোগদানৰ বাবে যোৱা দেৰগাঁৱৰ বিতোপন খাটনিয়াৰ আৰু মাটিখোলা অঞ্চলৰ পাপু শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে সোমবাৰৰ ঘটনাই অসমত যে আলফা (স্বাধীন)ত যোগদান প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে সেই কথাকে প্ৰমাণ কৰিলে বুলিও সচেতন মহলে মত ব্যক্ত কৰে ।
- Log in to post comments
- 25 views