বঙাইগাঁৱত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত প্ৰশিক্ষণ

ে

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো লোকৰ কিবা আপত্তি বা অভিযোগ থাকিলে সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰত এল আৰ চি আৰৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব । এই আপত্তি গ্ৰহণ সন্দৰ্ভত শনিবাৰে চি আৰ চি আৰ, এল আৰ চি আৰ, জিলা প্ৰজেক্ট চুপাৰভাইজাৰ আৰু চক্ৰ চুপাৰভাইজাৰসকলক বঙাইগাঁও জিলা উপায়ুক্ত বাবুলাল শৰ্মা, মাষ্টাৰ প্ৰশিক্ষক কমল কৃষ্ণ গুপ্তা আৰু জিতুমণি ঠাকুৰীয়াই প্ৰশিক্ষণ দিয়ে ।

প্ৰশিক্ষণ অনুষ্ঠিত হয় বঙাইগাঁৱৰ শোভা ভৱনত । প্ৰশিক্ষণ প্ৰদান কৰি জিলা উপায়ুক্ত শৰ্মাই কয় যে আমি নিৰপেক্ষভাৱে আপত্তি আৰু অভিযোগ আদি গ্ৰহণ কৰিব লাগিব। বাংলাদেশৰ বাহিৰে ভাৰতৰ যিকোনো ৰাজ্যৰ পৰা অসমলৈ অহা নাগৰিকৰ নাম উপযুক্ত প্ৰমাণ-পত্ৰ পালে এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগিব । সকলো লোকৰ পৰা এ আৰ এন নম্বৰ উল্লেখ থকা অভিযোগ পত্ৰ গ্ৰহণ কৰিব লাগিব ।

এটা অভিযোগৰ বাবে যি কোনো লোকে এখন আবেদনহে দাখিল কৰিব লাগিব ৷ তেওঁ এন আৰ চিৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে ফেব্ৰুৱাৰী মাহত অসমলৈ পৰ্যবেক্ষক আহিব বুলিও কয় । আনহাতে  প্ৰশিক্ষণকালত কমল কৃষ্ণ গুপ্তাই কয় যে কোনো লোকে আপত্তি দাখিল কৰোতে তেওঁলোকৰ আপত্তি বৰ্ণনা কৰিবলৈ অতিৰিক্ত কাগজো ব্যৱহাৰ কৰিব পাৰিব ।

কিন্তু কোনো লোকে লিগেচী ডাটা সলনি কৰিব নোৱাৰিব । অৱশ্যে কিছুমান কাগজ যেনে মহিলাৰ ক্ষেত্ৰত বিবাহৰ প্ৰমাণ-পত্ৰ আদি নতুনকৈ দাখিল কৰিব পাৰিব । উল্লেখ্য যে উপায়ুক্ত শৰ্মাই সকলো চি আৰ চি আৰ, এল আৰ চি আৰ, ডি পি এচ আৰু চি পি এচৰ পৰা এন আৰ চিৰ কামত সম্পুৰ্ণ সহযোগিতা কামনা কৰে। প্ৰশিক্ষণত এন আৰ চিৰ বাবে বিশেষভাৱে নিযুক্ত বিষয়াও উপস্থিত থাকে ৷

Your Comments