ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ষ্টাইলিচ বেট্ছমেন মহম্মদ আজহাৰউদ্দিন ৰাজনীতিৰ পথাৰত অধিনায়ক ৷
ক্ৰিকেটৰ ১০ গজৰ পৰা এক বিতৰ্কমূলক অৱস্থাত অৱসৰ গ্ৰহণ কৰা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনক ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেলেংগানা ৰাজ্যৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷
এসময়ত ভাৰতীয় দলক নেতৃত্ব প্ৰধান কৰা প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনক তেলেংগানা কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিছে ৰাজ্যিক কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৷
উল্লেখ্য যে আজহাৰে ২০০৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত মোৰাদাবাদৰ পৰা নিৰ্বাচিত হয় যদিও ২০১৪ৰ লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগা হয় ৷
মহম্মদ আজহাৰউদ্দিনক সভাপতি আৰু বি এম বিনোদ কুমাৰ আৰু জাফাৰ জাভেদক তেলেংগানা ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচিত কৰে ৷
- Log in to post comments
- 44 views