হিমন্ত বিশ্বৰ সমালোচনা অগপৰ বাবে আশীৰ্বাদ

হিমন্ত বিশ্বৰ সমালোচনা অগপৰ বাবে আশীৰ্বাদ

এইবাৰৰ পঞ্চায়ত নিৰ্বাচন এটা গতানুগতিক নিৰ্বাচন নহয় ৷ অসমৰ অস্তিত্ব, ভাষা, সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধ ভোটদান কৰি অসমৰ মাটি, ভেটি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে অসম গণ পৰিষদ দলে ৷

আজি দলৰ আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ নেতা মনোজ শইকীয়াই কয় যে বিজেপি-কংগ্ৰেছক এটা ভোট দিয়া মানেই এজন বাংলাদেশীক অনা হ’ব ৷

বাংলাদেশীৰ ক্ষেত্ৰত কংগ্ৰেছ-বিজেপি একেই বুলি কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত দুয়োটা দলৰ স্থিতিয়ে এই কথা প্ৰমাণ কৰিছে ৷ জাতীয় বিষয়ত অগপই সৰৱ ভূমিকাৰ গ্ৰহণ কৰিলে আৰু ৰাইজ অগপৰ পক্ষত থাকিলে সৰ্বভাৰতীয় দল দুটাই ঐক্যবদ্ধ হৈ অসমৰ ৰাইজৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰে ৷

দুয়োটা দলৰ প্ৰতিনিধি দুয়োটা দলতেই আছে বাবেই পাটাছাৰকুছি নগৰ সমিতিখন কংগ্ৰেছৰ সমৰ্থন বিজেপিয়ে গঠন কৰিছে ৷ দুয়োটা দলৰ বাবে অসমৰ স্বাৰ্থ নহয় ক্ষমতাহে মূল কথা ৷ দিল্লীৱালা তথা চোলা সলোৱা দি দল সলোৱা ৰাজনৈতিক নেতাৰ কথাত অসম নচলে আৰু তেনে নেতাৰ কথা অসম গণ পৰিষদ দলে ভ্ৰূক্ষেপ নকৰে ৷

অগপই অসমৰ ৰাইজৰ মতে চলে ৷ শেহতীয়াভাৱে অসম গণ পৰিষদ দল সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয় যে মন্ত্ৰীগৰাকীয়ে যিমান সমালোচনা কৰিছে সিমানেই অগপৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছে, অগপৰ ভোট বাঢ়িছে ৷ পোন্ধৰ বছৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী থকা শৰ্মাই অসম চুক্তি নস্যাৎ কৰাটো হাস্যকৰ ৷

চল চাই কঠীয়া পৰা ৰাজনীতি অসমৰ ৰাইজে বুজি পায় ৷ হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এয়া অসমৰ সংস্কৃতিও নহয় ৷ বিদেশী বিদেশীয়েই, হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰাৰ ৰাজনীতি অসম গণ পৰিষদ দলে বিৰোধিতা কৰি আহিছে আৰু কৰি যাব ৷

জাতীয় স্বাৰ্থতকৈ ক্ষমতা ডাঙৰ নহয় আৰু মিত্ৰতাও এক মূল্যহীন বিষয় ৷ দলে আপোচহীনভাৱে অসমৰ স্বাৰ্থত মাত মাতি আহিছে আৰু মাত মাতি যাব ৷ অসম গণ পৰিষদ দলৰ উত্থানত শংকিত কংগ্ৰেছ-বিজেপিৰ নেতাই ৰাজনৈতিক শালিনতা পাহৰি পেলাইছে ৷ ৰাইজে কাক আঁকোৱালি ল’ব বা কাক দলিয়াই পেলাব সেই সিদ্ধান্ত ৰাইজেহে ল’ব ৷

ৰাইজৰ ঊৰ্ধ্বত কোনো দল হ’ব নোৱাৰে ৷ অসম গণ পৰিষদ দলে ৰাইজৰ পক্ষত থাকি এককভাৱে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে তৃণমূল পৰ্য্যায়ৰ ৰাইজক সম-অধিকাৰ আৰু সম-উন্নয়নৰ বাবে অসম গণ পৰিষদ দল বদ্ধপৰিকৰ ৷ দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচন জয়লাভ কৰাৰ পিছত ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজৰ পৰামৰ্শৰ ভিত্তিত কাম কৰিব ৷

পূৰ্বৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে কৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰিবলৈ দলৰ প্ৰতিনিধিসকলে কাম কৰিব ৷ দুই বছৰৰ আগত কংগ্ৰেছী পঞ্চায়ৰ প্ৰতিনিধিসকল, দুই বছৰৰ সমৰ্থকসকলে অসম গণ পৰিষদ দলৰ নিৰ্বাচনী কাৰ্যলয় লণ্ডভণ্ড কৰাৰ উপৰি পোষ্টাৰ, বেনাৰ ফালি আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰি লৈছে ৷ দলে এই বিষয়ত নিৰ্বাচনী বিষয়াক অভিযোগো দাখিল কৰিছে ৷

Your Comments