বিজেপিৰো ঘোষণা : শিৱ সেনাৰে নহ'ব মিত্ৰতা

বিজেপিৰো ঘোষণা : শিৱ সেনাৰে নহ'ব মিত্ৰতা

আসন্ন লোকসভা নিৰ্বাচনত শিৱ সেনা দলৰ সৈতে বিজেপিয়ে মিত্ৰতা নকৰে। এই ঘোষণা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনতো গেৰুৱা দলটোৱে শিৱ সেনাৰ সৈতে কোনো ধৰণৰ বুজাবুজি নকৰে। সেই কথাও স্পষ্ট কৰিছে অমিত শ্বাহে। শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ বিজেপিবিৰোধী স্থিতি প্ৰকট হোৱাৰ পিছতে অমিত শ্বাহে আগবঢ়োৱা ঘোষণা অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। বিজেপি-শিৱ সেনাৰ সংঘাতৰ এই নতুন অধ্যায় নি:সন্দেহে অনাস্থা ভোটক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰেই ফলাফল। বিৰোধীয়ে সংসদত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পিছত শিৱ সেনাৰ সমৰ্থন বিচাৰিছিল অমিত শ্বাহে। পিছে ঊদ্ধৱ থাকৰেই বিমুখ কৰে অমিত শ্বাহক। কেৱল বিমুখ কৰাতে ক্ষান্ত নাথাকি থাকৰেই পিছত এই কথাও ঘোষণা কৰে যে ২০১৯ৰ লোকসভা নিৰ্বাচনত শিৱ সেনাই অকলেই অৱতীৰ্ণ হ'ব । তাৰেই প্ৰত্যুত্তৰত অমিত শ্বাহে শেহতীয়াকৈ শিৱ সেনাবিৰোধী স্থিতি স্পষ্ট কৰে ।

Your Comments