হোজাই জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

ে

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ১২টা জিলা পৰিষদ সমষ্টিত মুঠ ৪১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ হোজাই জিলাৰ ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত বৰুৱাই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়া মতে, জিলাখনৰ মুঠ ১২টা জিলা পৰিষদ সমষ্টিত ৪১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে ৷

ইয়াৰে ১নং ডবকা জিলা পৰিষদ সমষ্টিৰ সদস্যৰ বাবে ৪ গৰাকী, গাঁও পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে ২৫৫ গৰাকী আৰু সভাপতি পদত ২৯ গৰাকী আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২৮ গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ২নং নীলবাগান জিলা পৰিষদ সমষ্টিৰ বাবে ৫ গৰাকী, গাঁও পঞ্চায়ত ৱাৰ্ড সদস্য ২৪২ গৰাকী,  সভাপতিৰ বাবে ২৭ গৰাকী আৰু পঞ্চায়ত সদস্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ৩নং মোৰাঝাৰ জিলা পৰিষদ সমষ্টিত ৪ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্যৰ বাবে ১৯৮, সভাপতি ২২ গৰাকী আৰু আঞ্চলিক পঞ্চায়তত ২১ গৰাকী ৷

৪নং চৌধুৰী বজাৰ জিলা পৰিষদ সমষ্টিৰ সদস্যৰ বাবে ৪ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য ২০৯ গৰাকী, সভাপতিত ২২ গৰাকী আৰু আঞ্চলিক পঞ্চায়ত পদত ২৩ গৰাকী ৷ ৫নং ৰাজবাৰি জিলা পৰিষদ সমষ্টিৰ সদস্য মাত্ৰ দুগৰাকীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ গাঁও পঞ্চায়তত ১৬৩ গৰাকী, সভাপতি ২০ আৰু আঞ্চলিক পঞ্চায়ত সদস্য ২০ গৰাকী ৷ ৬নং ভালুকমাৰি জিলা পৰিষদ সমষ্টিত সদস্য মাত্ৰ ২ গৰাকী, গাঁও পঞ্চায়তৰ ওৱাৰ্ড সদস্য ১৩৯, পঞ্চায়ত সভাপতি পদত ১৬ গৰাকী আৰু আঞ্চলিক পঞ্চায়ত সদস্য ১৬ গৰাকী ৷

একেদৰে ৭নং ইছলাম নগৰ জিলা পৰিষদ সমষ্টিত সদস্যৰ সংখ্যা ৩ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য ১৮৫, সভাপতি ১৮ আৰু কাউঞ্চিলাৰ পদত ১৮ গৰাকী ৷ ৮নং পদুম পুখুৰী জিলা পৰিষদ সমষ্টিৰ সদস্য ৫ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য ১৮২, সভাপতি ১৯ আৰু আঞ্চলিক পঞ্চায়ত সদস্য ১৮ গৰাকী ৷ ৯নং কাকী জিলা পৰিষদ সমষ্টিৰ সদস্য ৩ গৰাকী, ওৱাৰ্ড সদস্য ১০১ গৰাকী, সভাপতি ১১ আৰু আঞ্চলিক পঞ্চায়ত ১১  গৰাকী ৷ ১০ নং লামডিং জিলা পৰিষদ সমষ্টিৰ সদস্য  ৩ গৰাকী, ওৱাৰ্ড সদস্যত ১২৫ গৰাকী, সভাপতি ১৫ গৰাকী, আঞ্চলিক পঞ্চায়ত সদস্য পদত ১২ গৰাকী ৷

১১ নং ৰানীপুখুৰী জিলা পৰিষদ সমষ্টিৰ সদস্য ২ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য ১০২ গৰাকী, সভাপতি ১৩ গৰাকী, আঞ্চলিক পঞ্চায়ত সদস্য ১২ গৰাকী আৰু ১২ নং উদালী জিলা পৰিষদ সমষ্টিৰ সদস্য ৪ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য ১৪৯ গৰাকী, সভাপতি পদত ১৯ গৰাকী আৰু আঞ্চলিক পঞ্চায়ত সদস্য ১৮ গৰাকী ৷ উল্লেখ্য যে,  জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা পৰিষদ সমষ্টিৰ সদস্য মুঠ ৪১ গৰাকী, গাঁও পঞ্চায়ত ওৱাৰ্ড সদস্য মুঠ ২০৫০ গৰাকী, সভাপতি পদত ২৩১ গৰাকী আৰু আঞ্চলিক পঞ্চায়ত সদস্য ২২১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিব ৷

ইপিনে, জিলাখনৰ বহুকেইখন পঞ্চায়ত বিজেপি আৰু অগপ দলে প্ৰাৰ্থী বিচাৰি হাবাতুৰি খাইছে, যমুনামুখ সমষ্টিত এ আই ইউ ডি এফ, কংগ্ৰেছ আৰু অগপই নিৰ্বাচনী  প্ৰচাৰ অভিযান তুংগত তুলিছে ৷ নীলবাগান জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বিলাল উদ্দিন বৰভূঞা, কংগ্ৰেছৰ নেৱাজ উদ্দিন চৌধুৰী আৰু অগপ দলৰ বাবুল হুছেইন চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে ৷

Your Comments