জামুগুৰিত অগপৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড

s

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ গাঁৱে-ভূঁঞে গৰম বতাহ বলি থকাৰ সময়তে নগাঁও জিলাৰ ১০নং হাতীচোং জিলা পৰিষদ অন্তৰ্গত জামুগুৰিত অসম গণ পৰিষদ দলৰ নিৰ্বাচনীৰ মুখ্য কাৰ্যালয়ত যোৱা দুদিন ধৰি কোনো দুৰ্বৃত্তৰ দলে লণ্ডভণ্ড চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বটদ্ৰৱা সমষ্টিৰ অসম গণ পৰিষদৰৰ ১০নং হাতীচোং জিলা পৰিষদৰ সদস্য অৱন্তী দেৱীৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা দুৰ্বৃত্তই তাণ্ডৱ চলাই বেনাৰ, পোষ্টাৰ, চকী মেজ ভাঙি লণ্ডভণ্ড কৰে ।

জাতি-মাটি-ভেটিৰ ৰক্ষাৰ স্বাৰ্থত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ তীব্ৰ বিৰোধিতা কৰি অগপই নিজাবৱীয়াকৈ এইবাৰ নিৰ্বাচনীৰ ৰণত নামি পৰিছে । অগপ প্ৰাৰ্থীসকলৰ উত্থানক কেন্দ্ৰ কৰি বিৰোধী দলসমুহ শংকিত হৈ এই দুষ্কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ তুলিছে । এই ঘটনা সম্পৰ্কত অগপ দলীয় অগপৰ বটদ্ৰৱা আঞ্চলিক সমিতিয়ে ।

ইতিমধ্যে, এই ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে অগপ দলৰ কৰ্মীয়ে । বটদ্ৰৱাৰ অগপ কেন্দ্ৰীয় মহিলা সমিতিৰ সভাপতি মামনি বৰা, যুৱ-নেতা বিশ্বজ্যোতি মহন্তই এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছে ।

Your Comments