২০১৯ ত শিৱ সেনাই অকলে খেলিব নিৰ্ব্বাচন

bjp-wb

অনাস্হা প্ৰস্তাৱৰ সময়ত শাসনাধিষ্ঠিত বিজেপিয়ে শিৱ সেনাৰ সমৰ্থন আশা কৰিছিল।বৃহস্পতি বাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰেক ফোন কৰিছিল । পিছে থাকৰেই স্পষ্ট কৰি দিছিল যে এই বিষয়ত কাৰো পক্ষত থিয় নহয় শিৱ সেনা । ২০১৯ ত শিৱ সেনাই অকলেই নিৰ্ব্বাচন খেলিব বুলি দলৰ সিদ্ধান্ত জনায় থাকৰেই। উল্লেখ্য যে অনাস্হা প্ৰস্তাৱৰ ভোট গ্ৰহণত শিৱ সেনাৰ ১৮ জন সাংসদ আতঁৰি থাকে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আস্হা কমি আহিছে শিৱ সেনাৰ।কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনাস্হাৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে দিয়া বক্তব্যক সমৰ্থন জনায় শিৱ সেনাৰ নেতা সঞ্জয় ৰাউতে।সদনত ৰাহুল গান্ধীৰ আচৰণৰ প্ৰসংগত লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে ভৰ্ৎসনা কৰিলেও কংগ্ৰেছ সভাপতিগৰাকীক প্ৰশংসা কৰে সঞ্জয় ৰাউতে।শিৱ সেনাৰ নেতাগৰাকীয়ে কয় যে ৰাহুল গান্ধীক বিজেপিয়ে 'পাপ্পু' বুলি ইতিকিং কৰিলেও ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে যে তেওঁ দেশ চলাবলৈ সক্ষম।ৰাহুল গান্ধীয়ে বক্তব্য ৰখাৰ পিচত প্ৰধানমন্ত্ৰী মোডীক আলিঙ্গন কৰোতে মোডী অবাক হৈছিল।শিৱ সেনাৰ নেতাগৰাকীয়ে কয় যে সেয়া আলিঙ্গন নাছিল,মোডীৰ কাৰণে আছিল এক ডাঙৰ হেঁচা আৰু ৰাজনৈতিক চাপ।সাধাৰণ লোকে ইয়াক নাটক বুলি কলেও সেয়া সমালোচনাৰ বিষয় নহয়। শিৱ সেনাৰ নেতাগৰাকীয়ে কয় আৰু কয়-ৰাজনীতিয়েইতো এখন নাটক।

Your Comments