নাৰায়ণপুৰত নিৰ্বাচনৰ প্ৰচাৰ তুংগত 

s

৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ব্যপক ৰূপত দেখিবলৈ পোৱা গৈছে ৷ কংগ্ৰেছ, অগপ, বিজেপি, গণশক্তি দলে নাৰায়ণপুৰৰ তিনিখন জিলা পৰিষদ, ১৪ খন গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য পদৰ লগতে ৱাৰ্ড সদস্যসকলৰ হৈ ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ।
 
নাৰায়ণপুৰৰ ৰঙতি ৰংগমঞ্চত কংগ্ৰেছ দলে আয়োজন কৰা নিৰ্বাচনী সভাত মনিপুৰৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ ইম'সিংৰ উপস্থিতিতি বিহপুৰীয়া সমষ্টি ভিত্তিত আয়োজন কৰা সভাখনত সহশ্ৰাধীক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে । সভাত ভাষণ প্ৰদান কৰি মণিপুৰৰ কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপি আৰু অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে দুয়োটা দলকে মিছলীয়া, প্ৰতাৰক-প্ৰৱঞ্চকৰ দল বুলি অভিহিত কৰে ।

আনহাতে সভাখনত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই নিজৰ ভাষণত বিজেপি-অগপই ৰাইজৰ ওচৰলৈ ভোট বিচাৰি অহাৰ অধিকাৰ নাই বুলিও দাবী কৰাৰ লগতে অসমৰ ৰাইজে ইতিমধ্যে অগপ-বিজেপি দলৰ চৰিত্ৰ উপলব্ধি কৰিছে বুলি উল্লেখ কৰি সমাগত পঞ্চায়ত নিৰ্বাচনত দুয়োটা দলকে ভালকৈ এসেকা দিব বুলিও সজোৰে দাবী কৰে ।

লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেমন্ত গগৈয়ে আত ধৰা সভাখনত জ্যেষ্ঠ কংগ্ৰেছ নেতা পদ্মেশ্বৰ দলে, জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাস, উপ-সভাপতি গগন বৰা, নাৰায়ণপুৰ ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি জীৱন সন্দিকৈ, উপ-সভাপতি ৰূদ্ৰ গগৈ, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰিংকু বৰা প্ৰমুখ্যে দলীয় নেতাসকল উপস্থিত থকা সভাখনত ঢলপুৰ-শিমলুগুৰি জিলা পৰিষদ সদস্যা মনিকা ফুকন বৰা, ৰঙতি গাঁও পঞ্চায়তৰ সভাপতি প্ৰাৰ্থী ৰাতুল বৰপাত্ৰ গোহাঁই আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী গোপীনাথ কোৱৰৰ লগতে ৱাৰ্ড সদস্যসকল উপস্থিত থাকে ।

Your Comments