কলম এৰি ৰাজনীতি : নাৰায়ণপুৰত দুই সাংবাদিক ভোটাৰৰ ঘৰে ঘৰে   

a

সংবাদ বিচাৰি নহয় নাৰায়ণপুৰত ঘৰে-ঘৰে ভোট বিচাৰি দুই সাংবাদিকে নিদ্ৰা হৰণ কৰিছে বিৰোধীৰ । সংবাদৰ ক্ষেত্ৰৰ পৰা পোনে পোনে ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰি বিৰোধীক শ'লঠেকত পেলোৱাৰ বাবেই তৎপৰতা বৃদ্ধি কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ প্ৰাক্তন সাংবাদিক ৰাতুল বৰপাত্র গোহাঁই আৰু মাধুৰ্য্য দাসে ।

উল্লেখ্য যে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে । কংগ্ৰেছ, অগপ, বিজেপি, গণশক্তি দলে নাৰায়ণপুৰৰ তিনিখন জিলা পৰিষদ সদস্য, ১৪খন গাঁও পঞ্চায়তৰ সভাপতি-আঞ্চলিক সদস্য পদৰ লগতে ৱাৰ্ড সদস্যসকলৰ হৈ ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ।

a

তাৰ সমান্তৰালকৈ এই দুগৰাকী সাংবাদিকেও ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে । সমাজৰ অতন্ত প্ৰহৰী হিচাপে দশকজোৰা সাংবাদিকতাৰ অন্তত খোজ পেলাইছে ৰাজনীতিত । কংগ্ৰেছ দলৰ পৰা ৰঙতি গাঁও পঞ্চায়তৰ সভাপতি পদত ৰাতুল বৰপাত্র গোহাঁইয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে অগপ দলৰ পৰা ধলপুৰ গাঁও পঞ্চায়তৰ সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে মাধুৰ্য্য দাসে । ইতিমধ্যে দুয়োগৰাকী সাংবাদিকে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা দেখা গৈছে ।

দলে বলে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে দুয়োগৰাকীয়ে । সংবাদ জগতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত গ্ৰামাঞ্চলৰ উন্নয়নৰ লগতে পঞ্চায়তসমূহত সংঘটিত হৈ অহা দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ লক্ষ্য আগত ৰাখি দুয়োজনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বুলি উল্লেখ কৰিছে ।

ইতিমধ্যে ভোটাৰ ৰাইজৰ সমৰ্থন ব্যাপক হাৰত লাভ কৰাৰ কথা উল্লেখ কৰি দুয়োগৰাকীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও সজোৰে দাবী কৰিছে । দিন-ৰাতি একাকাৰ কৰি দুয়োগৰাকী প্ৰাৰ্থীয়ে চলোৱা প্ৰচাৰ অভিযানৰ ফলত অধিক চিন্তিত হৈ পৰা দেখা গৈছে আন বিৰোধী ৰাজনৈতিক দলসমূহ ।

Your Comments