লাহৰীঘাট সমষ্টিৰ বিভিন্ন স্থানত এ আই ইউ ডি এফৰ দলৰ নিৰ্বাচনী ৰণশিঙা

a

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম 
সম্প্ৰতি ৰাজ্যত বলিছে সমাগত পঞ্চায়ত নিৰ্বাচনৰ গৰম ধুমুহা । পিছ পৰি থকা নাই গাঁও অঞ্চলসমূহো নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে প্ৰত্যেক দলৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী কূট-কৌশল ৰছনা কৰাত । ২৪ নৱেম্বৰত ৮১নং লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন স্হানত ৰাইজৰ বিপুল সঁহাৰিৰ মাজেৰে নিৰ্বাচনী ৰণশিঙা বজায় এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু মৰিগাঁও জিলা এ আই ইউ ডি এফৰ সভাপতি ছিদ্দিক আহমেদে ।

৫ শতাধিক মটৰ চাইকেলেৰে দলীয় কৰ্মীসকলে তেওঁলোকক আঁদৰি আনে । সমষ্টিটোৰ গৰম বজাৰ, তিনিচুকীয়া, ভূৰাগাঁও আৰু ঔগৰি বজাৰত নিৰ্বাচনী ৰণশিঙা বজাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ।  

উল্লেখ্য যে ৰাজ্যত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিধায়ক ডঃ নজৰুল ইছলাম কেবিনেট  মন্ত্ৰী হিচাপে থকাৰ সময়তো সমষ্টিটোৰ ৪টা জিলা পৰিষদৰ তিনিটাই এ আই ইউ ডি এফ দলৰ দখলত থকাৰ লগতে বহু কেইটা গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত এ আই ইউ ডি এফ দলৰ দখলত আছিল । সমাগত পঞ্চায়ত নিৰ্বাচনতো দলটোৱে পূৰ্বতকৈ অধিক সংখ্যক আসন লাভ কৰিব বুলি দলীয় নেতা কৰ্মী সকলে আশা প্ৰকাশ কৰিছে ।

Your Comments