বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
বৰপেটাৰোড চেন্ট মেৰিজ স্কুল চৌহদত এখনি সজাগতা সৃষ্টি সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। নূন্যতম মজুৰি, সাপ্তাহিক বন্ধ, কৰ্মস্থানত উচিত সন্মান পোৱাটো প্ৰতিজন ঘৰুৱা শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ যদিও এইক্ষেত্ৰত এইসকল লোক প্ৰায়ে বঞ্চিত হৈ থকা দেখা যায় ৷ সেয়ে এইসকল লোকে যাতে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ফেৰাণ্ডো ড’মেষ্টিক ওৰ্ৱকাৰ্ছ এলায়েঞ্চৰ সহযোগত চেন্ট মেৰিজ চ’ছিয়েল চাৰ্ভিছ চেন্টাৰে বিগত কিছু বছৰ ধৰি কাম কৰি আছে ৷
বৰপেটাৰোডৰ চেন্ট মেৰিজ স্কুলৰ সহযোগত তেওঁলোকে এই সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে অঞ্চলটোৰ ১৫৭২ জন ঘৰুৱা শ্ৰমিকৰ নাম পঞ্জীয়ন ভুক্ত কৰিছে ৷ এই সম্পৰ্কত আজি চেন্ট মেৰিজ চ’ছিয়েল চাৰ্ভিছ চেন্টাৰ, সংবাদকৰ্মী আৰু একাংশ ঘৰুৱা শ্ৰমিকৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ চেন্ট মেৰিজ চ’ছিয়েল চাৰ্ভিছ চেন্টাৰৰ ডিৰেক্টৰ এনি জ’নে কয়- ঘৰুৱা শ্ৰমিকসকলক সজাগ কৰাৰ বাবে তেওঁলোকৰ ফালৰ পৰা সজাগতা সভা, বাটৰ নাট, শোভাযাত্ৰা আদি কৰা হৈছে ৷
লগতে ঘৰুৱা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ শ্ৰমিকসকলৰ মাজত কেবাটাও স্বাস্থ্য সজাগতা অভিযান চলোৱা হৈছে ৷ ঘৰুৱা শ্ৰমিকসকলৰ তৰফৰ পৰা তেওঁলোকে কৰ্মক্ষেত্ৰত পাই অহা অভাৱ-অভিযোগসমূহৰ কথা উল্লেখ কৰাৰ লগতে তাৰবাবে মালিক পক্ষ আৰু চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰে ৷ এইক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে উপস্থিত সাংবাদিক অলকেশ বায়ন, জয়ন্ত কুমাৰ দাস, অৰূপ বায়ন আৰু গৌতম ৰায়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
অনুষ্ঠানত চেন্ট মেৰিজ চ’ছিয়েল চাৰ্ভিছ চেন্টাৰৰ প্ৰ'গ্ৰেম কোৰ্ডিনেটৰ ললিতা প্ৰসাদে ঘৰুৱা শ্ৰমিকসকলৰ সমস্যাসমূহ মানৱীয় দৃষ্টিভংগীৰে পৰ্যায় ক্ৰমে সমাধান কৰিবলৈ চৰকাৰ আৰু মালিক সকলক সমাধান কৰিবলৈ অনুৰোধ জনায় ৷
- Log in to post comments
- 11 views