নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
"গজগন্দ মীনাৰত বহি কোনেও কবিতা সৃষ্টি কৰিব নোৱাৰে, কবিতা সৃষ্টিৰ বাবে কবিৰ থাকিব লাগিব মানুহ আৰু প্ৰকৃতিৰ লগত আত্মিক সম্পৰ্ক ।" এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: ধ্ৰুৱজ্যোতি বৰাৰ । অসম সাহিত্য সভাৰ উদ্যোগত আৰু আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত নগাঁও জিলাৰ বটদ্রৱাত অনুষ্ঠিত কেন্দ্ৰীয় কবি সন্মিলনত উপস্থিত থাকি বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু কয় যে কবিতা লিখিবলৈ মোৰ ভয় লাগে, কবিতা আৰু অংকৰ মানুহক মই ভয় আৰু শ্ৰদ্ধা কৰোঁ ।
কবি সন্মিলনখনিত অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশীৰ পৌৰহিত্য কৰি কয় যে জাতিৰ সংকটৰ সময়ত কবিসকলে অগ্ৰণী সেনানীৰ ভূমিকা পালন কৰিব লাগিব । প্ৰয়োজন হ'লে দিল্লী, দিছপুৰ বিৰুদ্ধে ৰাজপথলৈ ওলাব লাগিব । ঐতিহাসিক শান্তিজানৰ পাৰত অৱস্থিত বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ মুকলি মঞ্চত অনুষ্ঠিত কবি সন্মিলনখনিত নগাঁৱকে ধৰি মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, বৰপেটা, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাৰ শতাধিক কবিয়ে কবিতা পাঠ কৰাৰ লগতে সমবেত কণ্ঠৰ বৰগীত, সত্ৰীয়া নৃত্য, গীত, কবিতাৰে অঞ্চলটো মুখৰিত কৰি তোলে ।
বিশিষ্ট কবি পূৰ্ণ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনিৰ আদৰণী ভাষণ, উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে ক্ৰমে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু আদৰণী সমিতিৰ সম্পাদক কন্দৰ্প কলিতাই । ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে সভাপতি ইন্দ্ৰমোহন বৰুৱা আৰু স্মৃতি তৰ্পণ কৰে জিলা সাহিত্য সভাৰ উপ-সভাপতি নিত্যানন্দ বৰাই ।
অনুষ্ঠানত গজেন ৰাজখোৱাৰ গ্ৰন্থ "ভক্তিৰস নে গল্প" ড: পৰমানন্দ ৰাজবংশী আৰু মামণি গোস্বামী অধিকাৰীৰ গল্প পুথি "গাৰ্গী" ড: ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰে । প্ৰায় তিনি শতাধিক কবিতা প্ৰেমী উপস্থিত থকা সন্মিলনখনিত লেখক গজেন ৰাজখোৱা, শিল্পী হৰি নাৰায়ণ কোঁৱৰ আৰু শিশুৰাম বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে ৰামধেনু সাংস্কৃতিক গোষ্ঠী আৰু আলিপুখুৰী শাখা সাহিত্য সভাৰ সৌজন্যত ৫ নবেম্বৰত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ স্মৃতি দিৱসত আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ।
- Log in to post comments
- 29 views