গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গ্ৰন্থৰ সুৱাস বিলাবলৈ শনিবাৰৰ পৰা ৯দিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০১৮ । গোলাঘাট সমন্বয় পথাৰত ভক্স পপুলীৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা সাহিত্য উৎসৱ উদ্বোধন কৰে লেখিকা, ঔপন্যাসিক অনুধাৰা শৰ্মা পুজাৰীয়ে । ৰাজ্যৰ লগতে দেশ-বিদেশৰ প্ৰায় শতাধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰা এই গ্ৰন্থমেলাত আজি দুখন গ্ৰন্থ উন্মোচন কৰা হয় ।
গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰি বিশিষ্ট লেখিকা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি সকলোৱে নিজৰ মনস্তাত্বিক দিশটো সলনি কৰিবৰ হ'ল । গ্ৰন্থৰ প্ৰতি সৰুৰে পৰাই শিশুসকলক আগ্ৰহ বঢ়াব লাগিব । মহাপুৰুষসকলৰ জীৱন-দৰ্শন সম্পৰ্কত নিজৰ সন্তানসকলক শিকাব লাগিব আৰু সেই দ্বায়িত্ব ল'ব লাগিব অভিভাৱকে । এনেদৰে কয় বিশিষ্ট সাহিত্যিকগৰাকীয়ে । অহা ২ ডিচেম্বৰলৈকে হ'বলগীয়া এই গ্ৰন্থ মেলাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব ।
- Log in to post comments
- 8 views