বঙাইগাঁৱৰ চহৰৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰত চলি থকা অবাধ খনন কাৰ্য বন্ধ কৰাৰ বাবে শনিবাৰে স্থানীয় ৰাইজ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সেউজ মাণিকপুৰ নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ কৰ্মীৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পিচতে বঙাইগাঁও জিলা প্ৰাশাসনে সন্যাসী পাহাৰত অবাধে চলি থকা পাহাৰ খনন কাৰ্য বন্ধ কৰি দিয়ে ৷
উল্লেখ্য যে নিউ বঙাইগাঁৱৰ পৰা যোগীঘোপা হৈ গুৱাহাটীলৈ চলি থকা দ্বৈত ৰেল পথৰ নিৰ্মাণৰ কামত মহিপাল কোঠাৰি নামৰ স্থানীয় ঠিকাদাৰ এজনে সন্যাসী পাহাৰৰ মাটি খনন কৰি লৈ গৈ আছিল ৷ কিন্তু এই পাহাৰ খনন কাৰ্যকলৈ স্থানীয় ৰাইজ তথা বঙাইগাঁৱৰ সচেতন মহল উদ্বিগ্ন হৈ পৰিছিল ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠন তথা ৰাইজে এই ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰখনৰ খনন কাৰ্যৰ প্ৰতিবাদ কৰি আহিছিল যদিও সংশ্লিষ্ট পক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ বৰং বিভিন্ন পক্ষক মেনেজ কৰি এই পাহাৰ খনন কাৰ্য চলাই যোৱা বুলি একাংশ মধ্যভোগীয়ে ওফাইদাং মাৰি ফুৰিছিল ৷
এইদৰে অবাধে চলাই থকা খনন কাৰ্যত ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট হোৱাৰ লগতে প্ৰকৃতি তথা পাহাৰখনত থকা জীৱ-জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনক এই অবৈধ খনন কাৰ্য বন্ধ কৰা দাবী জনাই স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও তথাপি বন্ধ কৰা নাছিল এই খনন কাৰ্য ৷
সকলো পক্ষৰ এটাই কথা পাহাৰ খনৰ যিডোখৰ ঠাইত খনন চলি আছে সেইখিনি হেনো ব্যক্তিগত পট্টাভুক্ত মাটি ৷ কিন্তু পাহাৰ এখনৰ ১২ বিঘাকৈ মাটি দুজন ব্যক্তিৰ আত্মীয়ৰ নামত কেনেকৈ পট্টাভূক্ত হ'ল সেই সম্পৰ্কত কোনেও নাজানে একো তথ্য ৷ অৱশেষত শনিবাৰে স্থানীয় ৰাইজ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যই খননস্থলীৰ সন্মুখৰ ছহিদ বেদী- শালবাৰী গড়কাপ্তানী পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰায় ডেৰ ঘন্টাজুৰি চলি থকা পথ অৱৰোধ কাৰ্যসূচীৰ মাজতে অৱৰোধস্থলীত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অনুপম ডেকা উপস্থিত হয় ৷ লগতে উপস্থিত হয় বঙাইগাঁও ৰাজহ-চক্ৰৰ চক্ৰ বিষয়া ৰিন্টু বড়ো, বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়া এ আৰিফ আদি ৷ আৰক্ষীৰ দল এটাও পথ অৱৰোধৰ খবৰ পাই উপস্থিত হয় ৷ কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষীয়ে অৱৰোধকাৰীসকলক পথ অৱৰোধ কাৰ্যসূচী উঠাই ল'বলৈ আহ্বান জনায় যদিও পাহাৰৰ খনন কাৰ্য বন্ধ নকৰালৈকে আৰু পাহাৰৰ মাটি কিদৰে পট্টাভুক্ত হ'ল তাৰ উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰালৈকে চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে ৷
পিচত কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত ঘোষণা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া চলি থকা সময়লৈকে পাহাৰৰ খনন কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ৷ এই ঘোষণাৰ পিচতে অৱৰোধ কাৰ্যসূচী উঠাই লোৱা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সেউজ মাণিকপুৰ নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ কৰ্মী মহিধৰ ৰায়ে কয় যে বঙাইগাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা এই সন্যাসী পাহাৰৰ মাটি খনন বন্ধ হ'বই লাগিব ৷ প্ৰকৃতি ধ্বংস কাৰ্যক সমৰ্থন কৰিব নোৱাৰি ৷
এই পাহাৰ খনন কাৰ্য ৰোধ কৰিবলৈ বঙাইগাঁওবাসী ৰাইজক ওলাই আহি প্ৰতিবাদ কৰিবলৈকো আহ্বান জনায় ৷ লগতে স্থানীয় বিধায়কগৰাকীকো এনে কাৰ্যক সমৰ্থন নকৰি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক নন্দন দেৱ নাথে কয় যে এই ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰখনৰ এই ভূমি ১৯৬৮ চনৰ পৰা ১৯৮৮ চনলৈকে বন বিভাগৰ অধীনত আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চক্ৰান্তমূলকভাৱে পাহাৰখনৰ ১২ বিঘা মাটি ম্যাদী পট্টাভূক্ত কৰা হয় ৷
পাহাৰখনত বহুলোকে বসবাস কৰি আছে যদিও তেওঁলোকে মাটিৰ পট্টা পোৱা নাই ৷ কিন্তু এই মাটিখিনি পূৰ্বে বঙাইগাঁও ৰাজহ-চক্ৰৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন চক্ৰ বিষয়া আৰু এজন মণ্ডলে নিজৰ আত্মীয়ৰ নামত নথি পত্ৰ উলিয়াই পট্টাভূক্ত কৰি লয় ৷ সেয়ে এই পট্টা বাতিল কৰি পাহাৰখন সংৰক্ষণ কৰাৰ দাবী জনায় ৷ লগতে এই পাহাৰ খনন কাৰ্যৰ বিষয়টোকলৈ স্থানীয় বিধায়কজনৰ লগতে বিভিন্ন দল-সংগঠনসমূহ মৌণ হৈ থকা কাৰ্যকো সমালোচনা কৰে ৷
আনকি স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ ছত্ৰছায়াত অনা অসমীয়া ঠিকাদাৰজনে এই দৰে সকলো পক্ষকে মেনেজ কৰি খনন কাৰ্য চলাই থকা বুলিও অভিযোগ উত্থাপন কৰে ৷ ইপিনে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ে কয় যে ঐতিহ্যমণ্ডিত এই সন্যাসী পাহাৰখনত চলি থকা খনন কাৰ্য দেখি আমি মৰ্মাহত হৈছো ৷ আমাৰ দাবী পাহাৰ খনন বন্ধ হ'ব লাগে আৰু পাহাৰখন সংৰক্ষণ কৰিব লাগে ৷ তাৰোপৰি পাহাৰৰ মাটি কিদৰে ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰিত হ'ল তাৰ তদন্ত হ'ব লাগে ৷
কাৰণ পাহৰৰ এই মাটিখিনি বঙাইগাঁও জিলা প্ৰশাসনৰ কোনখন ভূমি উপদেষ্টা সমিতিৰ কোনটো প্ৰস্তাৱ মৰ্মে ব্যক্তিৰ নামত হস্থান্তৰ কৰা হৈছিল সেয়া তদন্ত কৰি ৰাজহুৱা কৰিব লাগে বুলিও দাবী কৰে ৷ উল্লেখ্য যে পথ অৱৰোধকাৰীসকলে খনন কাৰ্য বন্ধ কৰাৰ দাবীত বিভিন্ন শ্লোগানো দিয়ে ৷ ঠিকাদাৰ পক্ষই জেচিবিৰে পাহাৰৰ মাটি খনন কৰি ডাম্পাৰেৰে মাটিসমূহ কঢ়িয়াই নি আছিল ৷ অৱশ্যে দণ্ডাধীশে খনন কাৰ্য বন্ধ কৰি দিয়াত বন বিভাগৰ লোকে ডাম্পাৰ আৰু জেচিবিসমূহ খননস্থলীৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে ৷
- Log in to post comments
- 25 views