কুমাৰীকাটাৰ বালাহাতীত ৬ সংখ্যক ৰাস মহোৎসৱ আৰম্ভ

a

কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায় 
তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ চেঁচাপানী-বালাহাতীতো বিগত বছৰবোৰৰ দৰে এই বছৰো ৬সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা মহোৎসৱ ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে । ২৭ নৱেম্বৰলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলিব লগীয়া ৰাস মহোৎসৱ কালি আবেলি ৪ বজাত মুখ্যদ্বাৰ মুকলি কৰে বিটিচিৰ দৰঙাজুলি সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়ে ।

s

৪.১৫ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰীয়ে । অখণ্ড যজ্ঞ মণ্ডপ উদ্ধোধন কৰে ৩নং ভি চি ডি চিৰ অধ্যক্ষ বিশ্বজিৎ বসুমতাৰীয়ে । ৪.৩০ বজাত ৰমেশ বসুমতাৰীয়ে অখণ্ড যজ্ঞ প্ৰজ্বলন কৰাৰ পিছতে সন্ধিয়া ৫ বজাত মণ্ডপ মুকলি কৰে ২নং ভি চি ডি চিৰ অধ্যক্ষ সুজন পালে । ৫.৩০ বজাত চাওতালী নৃত্য প্ৰদৰ্শন, ৭ বজাত জাতীয় নৃত্য প্ৰতিযোগিতা আৰম্ভ হয় ।

পুৱা ৮.৩০ৰ পৰা ক্ৰমে পূজা, অখণ্ড হোম যজ্ঞ আৰম্ভ কাৰ্যসূচী মতে কাইলৈ ২৫ নৱেম্বৰৰ আবেলি ৫ বজাৰ পৰা নাম-কীৰ্তন । জাতীয় নৃত্য প্ৰতিযোগিতা আৰু নিশা ১০ বজাৰ পৰা যাদু খেল প্ৰদৰ্শন কৰিব গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োয়ে ।

Your Comments