গোলাঘাটৰ ঐতিহাসিক এমেচাৰ থিয়েটাৰ চ'চাইটিৰ গৌৰৱোজ্জ্বল ১২৪ বছৰীয়া প্ৰতিষ্ঠা দিৱস 

ে

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

ঐতিহ্যমণ্ডিত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিয়ে এই বৰ্ষত ১২৪ বছৰত পদাপৰ্ণ কৰিব । সেই উপলক্ষে বৰ্ণিল ইতিহাস সোঁৱৰি কাইলৈৰ পৰা অৰ্থাৎ ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসটি পালনৰ আয়োজন কৰিছে । বিগত বৰ্ষৰ দৰে এই বৰ্ষটো চ'চাইটিয়ে হৰিপদ চেতিয়া বঁটা, এমেচাৰ থিয়েটাৰ চ'চাইটি বঁটা আৰু সাংস্কৃতিক ক্ষেথখনত প্ৰতিভাৰ উমান দিয়া নব্য শিল্পীলৈ আগবঢ়াব উদীয়মান শিল্পী বঁটা । কাৰ্যসূচীমতে ২৫ তাৰিখে পুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ পিছতে ৯-৩০ বজাত স্মৃতি তৰ্পন হ'ব ।

১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা হোৱাৰ পিছতে সন্ধ্যা ৫ বজাত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হ'ব । উল্লেখ্য যে এই বৰ্ষত হৰিপদ চেতিয়া বঁটা আগবঢ়োৱা হৈছে অসমীয়া চিনেমা জগতৰ বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক । ইয়াৰ লগতে এমেচাৰ থিয়েটাৰ চ'চাইটি বঁটা আগবঢ়াইছে বোলছবি পৰিচালক দীনেশ গগৈ আৰু অভিনেতা, সংগীত শিল্পী সৰ্বানন্দ বৰবৰাক ।

উদীয়মান শিল্পী বঁটা প্ৰাপক হৈছে সুব্ৰত কাকতি । অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব, গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, বিশিষ্ট নাট্যকাৰ, পৰিচালক শৈলন নাথ, চ'চাইটিৰ প্ৰাক্তন সভাপতি, সংগীত শিল্পী মন্টু কৰ্মকাৰ, গোলাঘাট শাখা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ কুমাৰ গোস্বামী । নাটচৰ্চাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা হোৱা এমেচাৰ থিয়েটাৰৰ মঞ্চত এইবৰ্ষতো এখনি নাট মঞ্চায়ন হ'ব ।

দ্বিতীয় দিনা, চ'চাইটিৰ শিল্পীসকলৰ দ্বাৰা সন্ধ্যা ৬ বজাত মঞ্চস্থ হ'ব নাট্যকৰ্মী ঋতুপৰ্ণ দাসৰ ৰচনা আৰু পাৰ্থজ্যোতি শৰ্মাৰ পৰিচালনাৰে "অন্তৰ্যুদ্ধ" শীৰ্ষক নাটখনিৰ । দুয়োদিনাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ গোলাঘাটৰ সকলো ৰাইজৰ উপস্থিতি একান্ত কামনা কৰিছে উদ্যোক্তা  সমিতিয়ে ।

Your Comments