মৰিগাঁৱৰ পৰা জিতুমনি নাথ
তীৰ বুকীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে ৷ যোৱা কেইদিনত তিনিটাকৈ তীৰ বুকীক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত আজি মুল অভিযুক্ত হাচনা আলীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ক্ষীৰোদ নাথ, জহৰ আলী, দুলু ডেকাক মৰিগাঁৱৰ বিভিন্ন ঠাইৰ পৰা নগদ ১৩,৮৫০ টকা আৰু আপত্তিজনক কাগজসহ কৰায়ত্ব কৰাৰ পিছত আজি মৰিগাঁও তীৰ বুকিৰ এজন অন্যতম লোক হাচনা আলীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয় ।
- Log in to post comments
- 13 views