কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীবৰ্ষ উদ্যাপনৰ আজি সফল সামৰণি পৰে ৷ পুৱা সোণালী জয়ন্তীবৰ্ষৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা চৌহদ নিকাকৰন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় ৷ পুৱা ১০ বজাত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক অধৰ দেউৰীৰ সঞ্চালনাত আৰু চিনাকান্ত বসুমতাৰীৰ সহযোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা কালৰে পৰা ওতঃপ্ৰোতভাৱে জৰিত তথা বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ সমাজ জীৱনৰ স’তে জৰিত ব্যক্তি বলভদ্ৰ দাস, কমলাকান্ত বড়ো, ডা: ধনচা আলী, কমলাকান্ত ভড়ালী, যামিনী ৰঞ্জন মজুমদাৰ, দয়াল চন্দ্ৰ চৌধুৰী, হৰ্ষ বাহাদুৰ ভট্টৰাই, অৰবিন্দ পালিত, পদ্মনাথ বায়ন, মিঠাৰাম দাস, দেবেন্দ্ৰ নাথ তালুকদাৰ সকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
দিনৰ ১১ বজাত সোণালী জয়ন্তীবৰ্ষ উদ্যাপনৰ মুকলি সভা অনুষ্ঠিত হয় ৷ সভাখনত সভাপতিত্ব কৰে সোণালী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷ সভাখন উদ্বোধন কৰে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়নে ৷ সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহন কৰে অসমৰ বিশিষ্ট সাহিত্যিক-সুবক্তা অঞ্জনজ্যোতি চৌধুৰীয়ে ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে তেওঁৰ শিশুকালৰ কাহিনী কৈ সভাত নষ্টালজিক হৈ পৰে ৷
লগতে ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি কয় যে মানৱতাবোধ -জীৱনবোধ-সহৃদয়তা বোজাই ৰাখি অধ্যয়নৰত হ'বলৈ আহ্বান জনায় ৷ বিশিষ্ট অতিথি হিচাপে বি.টি.চি.ৰ শিক্ষা সঞ্চালক ৰবিশংকৰ গয়াৰীয়ে উপস্থিত থাকি নিজৰ বক্তব্যত কুমাৰীকাটাৰ ঐতিহ্যপূৰ্ন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ইতিহাস সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে ৷ তেঁও শিক্ষকসকলক নিজৰ দায়িত্বৰ প্ৰতিও সচেতন হ'বলৈ আহ্বান জনায় ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি নিজৰ ভাষনত কয় যে শিক্ষকসকলে তেওঁলোকৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টি কৰিব লাগিব বুলি কয় ৷ তেওঁ পুনৰ কয় যে লক্ষ্য নহ’লে জীৱনত সফলতা লাভ কৰিব নোৱাৰি ৷
সেয়ে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে নিজক চিনি নিজক সংযত কৰি অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে ৷ ইয়াৰ পিছত বি টি চি ৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়োৱে সোণালী জয়ন্তীবৰ্ষ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "স্বৰ্ণলিপি" উন্মোচন কৰে ৷ আজিৰ অনুষ্ঠানত দৰংগাজুলি সমষ্টিৰ এম চি এল এ বিজিত গৗৰা নাৰ্জাৰী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, বিশিষ্ট লেখক লোহিত ভড়ালী, অৱসৰ শিক্ষক ফনীধৰ লহকৰ, কৰুনা কাকতি সোনালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুল আলী, বি টি চিৰ প্ৰক্তন এম চম এল এ তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বাসুদেৱ উপাধ্যায়, পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ নাথ পাঠকৰ লগতে শিক্ষানুষ্ঠান খনৰ ন-পুৰনি শিক্ষক-শিক্ষয়ত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকল উপস্থিত অছিল ৷
মুকলি সভাৰ আৰম্ভণিতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰাৰ লগতে ইউ এন একাডেমী আৰু কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক নৃত্য পৰিবেশন কৰি সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে ৷
- Log in to post comments
- 89 views