'ৰক্তদান জীৱন দান' এই উদ্দেশ্য আগত ৰাখিয়েই ফেচবুক আৰু হোৱাটচা আপৰ জৰিয়তে জন্মলভা টিম হিউমেনিটিৰ আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি টিম হিউমেনিটি নাৰায়ণপুৰ গোটে নাৰায়ণপুৰ নগৰত মাজমজিয়াত ৰাইজৰ সজাগতাৰ বাবে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে ৷ আইনৰ ৰোষত পৰা ভয়ত আকস্মিক দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক সহায়ৰ বাবে আগবাঢ়ি নোযোৱাৰ বাবেই বহুতে হেৰুৱাই নিজৰ জীৱন ৷ দুৰ্ঘটনাগ্ৰস্ত লোকক যে সহায় কৰিলে আইনৰ মেৰ পেছত যে সোমাব নালাগে তাৰ বাবেই টিম হিউমেনিটিৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্র দেৱৰাজ বৰা, জিলা মুখপাত্র চন্দন শইকীয়া, প্ৰচাৰ সম্পাদক সত্য প্ৰসাদ কলিতাৰ নেতৃত্বত নাৰায়ণপুৰ গোটে ৰাইজৰ সজাগতাৰ বাবে প্ৰৰ্দশন কৰে বাটৰ নাট ৷
- Log in to post comments
- 6 views