বঙাইগাঁও চহৰৰ গাতে লাগি থকা সন্যাসী পাহাৰত চলি থকা অবৈধ ভূমি খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷
বঙাইগাঁও জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰক-পত্ৰত সংগঠনটোৱে উল্লেখ কৰা মতে, বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনস্থ ২নং বাখাৰাপাৰা ৰাজহগাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰত বিগত কিছুদিন ধৰি বঙাইগাঁৱৰ বিভিন্ন পক্ষই পাহাৰখনৰ বনভূমি অবৈধভাৱে বেদখল কৰি বাধাহীনভাৱে খননকাৰ্য চলাই আছে ৷
১৯৬৮ চনৰ পৰা ১৯৭৮-৮৮ চনলৈ বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ অধীনত সন্যাসী পাহাৰখন অন্তৰ্ভুক্ত হৈ আছিল ৷ তদুপৰি, এই পাহাৰখনত ৰাজ্যৰ ভূমি আৰু সংৰক্ষণ বিভাগে গছপুলিও ৰোপণ কৰিছিল ৷
কিন্তু তাৰ পৰৱৰ্তী সময়ত বনভূমি এলেকাৰ অধীনত থকা এই সন্যাসী পাহাৰখনৰ ভূমি বিভিন্ন পক্ষই কি উপায়েৰে নিজৰ নামত নথিভুক্ত কৰিবলৈ সক্ষম হৈছে সেয়া এক তদন্তৰ বিষয় ৷
লগতে কোনখন ভূমি উপদেষ্টা সমিতিৰ সভাত বনভূমি এলেকাৰ অধীনত থকা পাহাৰখন চৰকাৰী পতিত ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিলে সেয়া ৰাজহুৱা কৰিবলৈকো জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে ৷
স্মাৰক-পত্ৰত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰা মতে, বঙাইগাঁৱৰ পৰা যোগীঘোপা হৈ গুৱাহাটী সংযোগী ৰে'লপথ নিৰ্মাণৰ নামত মহীপাল কোঠাৰী নামৰ এজন ৰে'লৱে ঠিকাদাৰে অবাধ হাৰত পাহাৰৰ মাটি খনন কৰি আছে ৷
সেয়ে এই খননকাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে পাহাৰৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰ সমগ্ৰ বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
লগতে ২০১৫ চনত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত সঞ্জীৱ শৰ্মাই পাহাৰখন সম্পৰ্কত কৰা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈকো স্মাৰক-পত্ৰত সংগঠনটোৱে দাবী উত্থাপন কৰিছে ৷
- Log in to post comments
- 22 views