লাচিত সেনা নামৰ এটা সংগঠনে লাচিত দিৱসৰ নামত অহা ২৪ নৱেম্বৰত বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰত এনডিএফবিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীক আমন্ত্ৰণ কৰাক লৈ উত্তৰ শালমাৰা জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
এই সন্দৰ্ভত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উত্তৰ শালমাৰা জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি যামিনীকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক দীপক ৰায়ে এক প্ৰেছ বিবৃতিত কয় যে এনডিএফবিৰ দৰে অগণতান্ত্ৰিক আৰু খিলঞ্জীয়া জনগণৰ সংহাৰকাৰী এটা কুখ্যাত সংগঠনৰ নেতাক ঐতিহাসিক, গৰিমাময়ী অভয়াপুৰী চহৰলৈ আমন্ত্ৰণ জনোৱাটো সম্পূৰ্ণ অপ্ৰয়োজনীয় আৰু গৰিহণাযোগ্য ৷
এই ক্ষেত্ৰত এনে গৰিহণাযোগ্য কাম কৰিবলৈ ওলোৱা লাচিত সেনা নামৰ সংগঠনটোক সকীয়নি দি নেতাদ্বয়ে কয় যে ঐতিহাসিক কমতাপুৰ সাম্ৰাজ্যৰ অংশবিশেষ বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী চহৰত কমতাপুৰ বিভাজন কৰিব ওলোৱা নেতাক আমন্ত্ৰণ কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷
অভয়াপুৰীত গোবিন্দ বসুমতাৰীৰ আগমন ডিচেম্বৰ মাহত হ'বলগীয়া এনডিএফবিৰ শান্তি আলোচনাৰ নামত কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ বাবে চলা কুচকাৱাজৰ বাহিৰে আন একো নহয় ৷ সেয়ে যিকোনো ব্যক্তি বা সংগঠনক কমতাপুৰৰ ক্ষতি হ'ব পৰা কাম কৰিব দিয়া নহ'ব বুলি কৈ লাচিত সেনাক বীৰ লাচিতৰ আদৰ্শেৰে কাম কৰিবলৈ আহ্বান জনায় ৷
লগতে বড়োলেণ্ড কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ বাবে এনডিএফবিৰ এজেণ্ট হৈ কাম কৰা কাৰ্যই বীৰ লাচিতক অপমান কৰা সূচায় বুলিও কয় ৷ বিবৃতিটোত জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে লাচিত সেনাক বীৰ লাচিতক সন্মান কৰিবলৈ আহ্বান জনাই কোচ ৰাজবংশী জনগণৰ কমতাপুৰৰ প্ৰতি থকা দেশপ্ৰেমক উপলব্ধি কৰিবলৈকো শিকিবলৈ কয় ৷
লগতে বীৰ লাচিতৰ নামত জন্ম হোৱা সংগঠনটোৱে বীৰ লাচিতৰ আদৰ্শ এৰি বদন বৰফুকন আৰু ঝাউলিয়া দেৱানৰ আদৰ্শ অনুকৰণ কৰাৰ পৰা আঁতৰি আহিবলৈকো নেতাদ্বয়ে লাচিত সেনাক আহ্বান জনায় ৷
- Log in to post comments
- 58 views