গহপুৰৰ পৰা পৰাশ শইকীয়া
গহপুৰ মহকুমাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সোলেঙীগুৰি গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ মুঢ়ানি গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্রত ভোগ কৰি আহিছে যমৰ যাতনা ।
দুখন জৰাজীৰ্ণ কাঠৰ দলং আৰু ভগ্ন কালভাৰ্টে গাঁওখনৰ সমগ্ৰ যাতায়াত ব্যৱস্থাটোক ব্যাহত কৰি পেলোৱাত এক অসহনীয় দুৰ্দশাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগা হৈছে গাঁওখনৰ ৰাইজে ।
গহপুৰ নগৰৰ গাতে লাগি থকা তথা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাতিদূৰৈত অৱস্হিত গাঁওখনৰ যাতায়াত ব্যৱস্থাৰ এনে দুৰৱস্হাই গহপুৰৰ সামগ্ৰিক উন্নয়নৰ ছবিখন উদঙাই দেখুৱাইছে ।
উল্লেখ্য যে গাঁওখনৰ হাজৰিকা চুকৰ পৰা খাৰৈ বান্ধ সংযোগী পথত থকা কাঠৰ দলংখন প্ৰায় দুবছৰ পূৰ্বেই জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰে যদিও আজিকোপতি দলংখন পুনৰ নিৰ্মাণ নকৰাত পথটোৰে সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰে যাতায়াত ।
এই ক্ষেত্রত সংশ্লিষ্ট চৰকাৰী বিভাগ তথা জনপ্ৰতিনিধিয়ে চকুমুদা কুলিৰ ভাও ধৰি থকাত উপায়ন্তৰত স্থানীয় ভুক্তভোগী ৰাইজে জৰাজীৰ্ণ কাঠৰ দলঙৰ ওপৰত তিনিফুটীয়া এখন বাঁহৰ দলং জাপি দি কোনোমতে যাতায়াত অব্যাহত ৰাখিছে ।
অৱশ্যে উক্ত বাঁহৰ দলঙৰ ওপৰেদি কোনোধৰণৰ যান-বাহন পাৰ হ'ব নোৱাৰে । একেদৰে গাঁওখনৰ বিলতীয়া গাঁও সংযোগী পথৰ কুকুৰজান আৰু সোলেঙী নদীৰ সুঁতিৰ ওপৰত প্ৰায় এটা দশক পূৰ্বেই দুটা পকী কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও স্থানীয় একাংশ ৰাইজে জনোৱামতে এবছৰৰ পিছতে বাৰিষাৰ জলধাৰাই পূব দিশৰ কালভাৰ্টটো সম্পূৰ্ণভাৱে খহাই পেলোৱাৰ লগতে পশ্চিম দিশৰ কালভাৰ্টৰ দুয়োমূৰ খহাই নিয়াত পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে ।
এনে পৰিস্থিতিত সংশ্লিষ্ট কৰ্তৃপক্ষই কালভাৰ্ট দুটা মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ভুক্তভোগী ৰাইজে পশ্চিম দিশৰ কালভাৰ্টটোৰ দুয়ো মূৰে দুখন তিনিফুটীয়া বাঁহৰ দলং সংযোগ কৰি কোনোমতে জানটো ইপাৰ-সিপাৰ হোৱাৰ ব্যৱস্থা কৰি লয় ।
অন্যহাতেদি সোলেঙী নদীৰ সুঁতিত থকা পূব দিশৰ কালভাৰ্টটো সম্পূৰ্ণভাৱে খহি পৰাৰ বাবে উক্ত অংশৰে সুদীৰ্ঘ প্ৰায় পাঁচ বছৰ ধৰি ব্যাহত হৈ পৰে যাতায়াত ।
এই সন্দৰ্ভত স্থানীয় ভুক্তভোগী ৰাইজৰ মাজৰে মিনাৰাম ভূঞা আৰু দেবেন দত্তৰ পৰা জানিব পৰা মতে, প্ৰায় তিনি বছৰ পূৰ্বে সোলেঙীৰ উক্ত সুঁতিৰ ওপৰত কালভাৰ্টৰ সলনি এখন কাঠৰ দলং নিৰ্মাণ কৰা হয় যদিও অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ বাবে প্ৰায় এবছৰৰ পিছতে দলংখনৰ কাঠবোৰ পচিবলৈ ধৰে ।
পৰৱৰ্তী পৰ্যায়ত দলংখন সম্পূৰ্ণভাৱে জহি-খহি যোৱাত বিগত প্ৰায় দুবছৰ ধৰি দলংখনৰ ওপৰেদি বন্ধ হৈ আছে যাতায়াত । এনেদৰে একাধিক দিশৰ পৰা জৰাজীৰ্ণ কাঠৰ দলং আৰু ভগ্ন পকী কালভাৰ্টৰ বাবে ব্যাহত হৈ পৰা যাতায়াত ব্যৱস্থাৰ বাবে মুঢ়ানি গাঁওবাসী ৰাইজে জৰুৰীকালীন চিকিৎসা সেৱাকে ধৰি বিভিন্ন ক্ষেত্রত ব্যাপক অসুবিধা আৰু হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ।
পৰিবৰ্তনকামী চৰকাৰখনে এই দুৰৱস্হা দূৰ কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও আজিকোপতি অৱস্থাৰ পৰিবৰ্তন নোহোৱাত হতাশগ্ৰস্ত হৈ পৰিছে গাঁওখনৰ ভুক্তভোগী ৰাইজ ।
- Log in to post comments
- 15 views