ছিপাঝাৰত বিশাল সম্প্ৰীতিমূলক শোভাযাত্ৰা

ছিপাঝাৰত বিশাল সম্প্ৰীতিমূলক শোভাযাত্ৰা

বিশ্বনবী হজৰত মুহাম্মদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰত যোৱা ২১ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হয় এক সম্প্ৰীতিমূলক শোভাযাত্ৰা । ছিপাঝাৰ আঞ্চলিক ঈদে মিলাদুন্নবী উদ্‌যাপন সমিতি আৰু ছিপাঝাৰ সমষ্টিবাসী ৰাইজৰ সহযোগত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ উদ্দেশ্যে ইছলামীয় সংস্কৃতিৰে পৰিপূৰ্ণ তথা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ সমদল আকাৰে শোভাযাত্ৰাটো উলিওৱা হয় ।

সমিতিৰ সচিব প্ৰধান ডঃ আখতাৰুল ইছলাম হাজৰিকাই আঁ‌তধৰা অনুষ্ঠানটো উদ্বোধন কৰে মৌলানা হিদায়াত আলী আৰু হাফিজ মৌলানা ফয়জুল হক চাহেবে ।

উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হৰিপ্ৰসাদ বৰা, ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক গোলাম মুহাম্মদ, চপাই সেনা চাউনিৰ চুবেদাৰ চিতাব সিং, ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লোহিত চন্দ্ৰ ৰাভা আৰু বিশিষ্ট অধিবক্তা জীৱন বৰুৱাই ।

প্ৰণিধানযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু ত্যাগৰ বাবে দৰং জিলা প্ৰশাসন, দৰং আৰক্ষী, ভাৰতীয় সেনা, কামাণ্ডো বেটেলিয়নক স্মাৰকৰ সৈতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সমদলটো ক্ৰমে মাৰৈ, খেতেংপাৰা, বৰকুমাৰপাৰা, মুছলিমঘোপা, বৰদৌলগুৰি হৈ বৰআঠিয়াবাৰীত সামৰণি পৰে ।

উল্লেখ্য যে সামৰণী অনুষ্ঠানত অসমৰ একমাত্ৰ কামাণ্ডো বেটেলিয়নৰ কামাণ্ডডেন্ট আই পি এছ বিষয়া ইনাম-উল-হক মেংনুক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানতে অসমৰ বিশিষ্ট আ'লীম মৌলানা আশ্বিক আলী ৰিজৱী আৰু মৌলানা ইয়াহইয়া ৰাজা চাক্কাফীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

সহস্ৰাধিক বাহনে অংশগ্ৰহণ কৰা সমদলটো বিশেষভাৱে পৰিচালনা কৰে আব্দুল খালেক, তাজউদ্দিন আহমেদ, হাচিবুল হাচান, চাৰুক আহমেদ, নিজামুদ্দিন আহমেদ, ৰিজুল হক, আক্ৰামুল মজিদ, ইক্ৰামুল হক আদিয়ে । 

Your Comments