নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ বৃহত্তৰ মৰিকলং অঞ্চলৰ বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা আৰু ৰাস মহোৎসৱটি ২৩ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ দিহা কৰিছে বকুলবাসী ৰাইজে | উল্লেখ্য যে ১৯০৪ চনতে স্থাপন হোৱা মৰিকলং বকুলতল নামঘৰটো বিগত কিছুবছৰৰ পূৰ্বে ঘোৰ বাৰিষাৰ সময়ত প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল |
সেয়ে, বকুলতলৰ ৰাইজে নিজা প্ৰচেষ্ঠাৰে গাঁৱৰ বিভিন্নজন লোকৰ দান-বৰঙণিৰে ২০১৪ চনৰ পৰা নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে | চাৰি বছৰৰ অন্তত বৰ্তমান নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা ২৩ নৱেম্বৰৰ পৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰাৰ দিহা কৰিছে মৰিকলং বকুলতলবাসী ৰাইজে |
কাৰ্যসূচী অনুসৰি ২৩ নৱেম্বৰৰ পুৱা ৭.৩০ বজাত সাংস্কৃতিক কৰ্মী ক্ৰমে কুমুদ বৈদ্য, বিচিত্রা শইকীয়া, ৰেখামণি হাজৰিকা, নিভা শইকীয়া, বীণা বৈদ্যৰ নেতৃত্বত "ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্রা", পুৱা ৯.৩০ বজাত আনন্দ শইকীয়াই নামঘৰৰ থাপনা পুনৰ প্ৰতিষ্ঠা কৰাৰ পাছতে নাম-প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰাৰ পাছতে বিয়লিলৈ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত নিৰ্মাণ কৰা চলচ্চিত্রসমূহ প্ৰদৰ্শন কৰা হ'ব |
সেইদৰে, ২৪ নৱেম্বৰ পুৱা ৮ বজাত জীৱন গোস্বামীয়ে নামঘৰৰ সিংহাসন প্ৰতিষ্ঠা কৰাৰ পাছতে নাম-প্ৰসংগৰ অন্তত প্ৰসাদ বিতৰণৰ পাছতে বিয়লি ভাগৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভাগৱত পাঠৰ শুভাৰম্ভ হ'ব | অন্যহাতে, ২৬ নৱেম্বৰৰ বিয়লি ভাগৱত পাঠৰ সামৰণিৰ লগে লগে এখনি ধৰ্ম্মালোচনী সভা অনুষ্ঠিত হ'ব, য'ত নিমন্ত্রিত অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট নিবন্ধকাৰ-সমালোচক ময়ূৰ কুমাৰ বৰা আৰু শংকৰী সাহিত্য, কলা-কৃষ্টিৰ বিশিষ্ট গৱেষক ডঃ সঞ্জীৱ বৰকাকতিয়ে ৷
উক্ত সভাতে, অতি কম সময়ৰ ভিতৰত বকুলতল নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যুগুত কৰি উলিওৱা এখনি স্মৃতিগ্ৰন্থ "বকুল তলৰ সুবাস" উন্মোচন কৰিব বঢম়পুৰ সমষ্টিৰ বিধায়ক তথা অসমৰ প্ৰাক্তন মুখ্য মন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই | ইয়াৰ ঠিক পাছতে সন্ধিয়ালৈ স্থানীয় বকুলতল অঞ্চলৰ যুৱকবৃন্দৰ গায়ন-বায়ন গন্ধৰ্ব বাদনেৰে উক্ত দিনাৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত
শেষৰ দিনাৰ কাৰ্যসূচী অৰ্থাৎ ২৭ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা নাম-প্ৰসংগ, প্ৰসাদ বিতৰণৰ পাছত বিয়লি বৃহত্তৰ মৰিকলং অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত বয়োবৃদ্ধ লোকসকলৰ লগতে বকুলতল নামঘৰ পুনৰ নিৰ্মাণ কাৰ্যত জড়িত ব্যক্তিসকলক সম্বধৰ্না জনোৱা হ'ব | উক্ত সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্রিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মাই |
নিশা ৮ বজাৰ পৰা মৰিকলং অঞ্চলৰ জীয়ৰী-বোৱাৰীৰ লগতে আইসকলৰ দ্বাৰা পৰিৱেশন কৰা হ'ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ | উক্ত ৰাস মহোৎসৱটি শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁয়ে |
স্মৰ্তব্য যে পাঁচদিনীয়াকৈ আয়োজিত এই আটাইকেইদিনৰ সমূহ কাৰ্যসূচীতে বৃহত্তৰ মৰিকলং অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ, আবাল-বৃদ্ধ-বণিতাৰ সহায়-সহযোগ তথা উপস্থিতি কামনা কৰিছে ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে মুখ্য প্ৰচাৰ সম্পাদক দেবেন শইকীয়াই |
- Log in to post comments
- 138 views